কঠিয়াতলীত চৰকাৰৰ ভূমি নীতিৰ প্ৰতিলিপি দাহেৰে প্ৰতিবাদ…

কঠিয়াতলীত চৰকাৰৰ ভূমি নীতিৰ প্ৰতিলিপি দাহেৰে প্ৰতিবাদ…

ডিজিটেল সংবাদ, কঠিয়াতলীঃ সদৌ অসম ছাত্ৰ সন্থাৰ কঠিয়াতলী আঞ্চলিক ছাত্ৰ সন্থাই চৰকাৰৰ ভূমি নীতি বিৰোধিতা কৰি ভূমি নীতিৰ প্ৰতিলিপি দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰে। কঠিয়াতলী চাৰিআলি দৈনিক বজাৰৰ মাজমজিয়াত ছাত্ৰ সন্থাৰ নেতা-কৰ্মীয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ।

প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ মূৰ্দাবাদ, বিজেপি গ'বেক, খিলঞ্জীয়া মাটি অধিকাৰ থাকিবই লাগিব আদি বিভিন্ন চৰকাৰ বিৰুধী শ্লোগানৰে পৰিবেশ উত্তপ্ত কৰি তুলে । বজাৰৰ মাজমজিয়াত শতাধিক লোক উপস্থিত থাকি ছাত্ৰ সন্থাৰ এই প্ৰতিবাদক সমৰ্থন জনোৱাৰ ইংগিত প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in