কচুৱাত বানৰ মাজত আৱদ্ধ পৰিয়ালক উদ্ধাৰ… VIDEO

কচুৱাত বানৰ মাজত আৱদ্ধ পৰিয়ালক উদ্ধাৰ… VIDEO

ডিজিটেল সংবাদ, কচুৱাঃ ৰাজ্যৰ বিভিন্ন স্থানত বানে লৈছে সংহাৰী ৰূপ। বানৰ ফলত বহুলোকৰ ঘৰ-বাৰী, কৃষিভূমি আদি ক্ষতিগ্ৰস্ত হৈছে। ইফালে, বৃহস্পতিবাৰে কচুৱা ৰজাআলিত বানত আৱদ্ধ এটি পৰিয়ালৰ শিশুসহ পাঁচগৰাকী লোকক আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে এছ ডি আৰ এফ বাহিনীয়ে । পথাৰৰ মাজত এটা বাসগৃহত আৱদ্ধ হৈ আছিল পৰিয়ালটো ৷

সন্ধ্যা এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় পৰিয়ালটোক ৷ আনহাতে যমুনামুখৰ কাঠকটীয়া ভকত গাঁৱৰ ৰিজাৰ্ভত শিশু মহিলা সহ তিনি জনীয়া পৰিয়াল বৰ্তমানেও আৱদ্ধ হৈ আছে বানৰ মাজত৷ স্থানীয় ৰাইজে বহু চেষ্টা কৰিও এতিয়ালৈকে দূৰ্ভগীয়া পৰিয়ালটি উদ্ধাৰ কৰিব পৰা নাই৷ পৰিয়ালটোক উদ্ধাৰ বাবে স্থানীয় লোকে খবৰ দিয়াৰ পিছতো কোনো গুৰুত্ব প্ৰদান কৰা নাই প্ৰশাসনে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in