অপাৰেচন ক্লিয়াৰৰ মাজতে পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ…

অপাৰেচন ক্লিয়াৰৰ মাজতে পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ…

ডিজিটেল ডেস্কঃ জন্মু-কাশ্মীৰত পুনৰ উগ্ৰপন্থীৰ আক্ৰমণ। গৃহ মন্ত্ৰী অমিত শ্বাহৰ কাশ্মীৰ ভ্ৰমণৰ পাছতে মঙ্গলবাৰে এটা বাছ ষ্টেণ্ডৰ ওচৰত গ্ৰেনেডেৰে আক্ৰমণ কৰিছে সন্ত্ৰাসবাদীয়ে। সন্ত্ৰাসবাদীৰ এই আক্ৰমণত ৬ জন অসামৰিক লোক আহত হৈছে। আহতসকলৰ মাজত ২ জনৰ অৱস্থা অতি সংকটজনক। আটাইকেইজন আহতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আৰক্ষীয়ে এই বিষয়ে উল্লেখ কৰি কৈছে যে, উগ্ৰপন্থীসকলে পুৱা প্ৰায় ১০.২০ বজাত সম্বল বাছ ষ্টেণ্ডৰ ওচৰত সেনাৰ কনভয়ৰ ওপৰত গ্ৰেনেড নিক্ষেপ কৰিছিল। অৱশ্যে তেওঁলোকৰ লক্ষ্য ভ্ৰষ্ট হয়, যাৰ বাবে পথৰ কাষত গৈ গ্ৰেনেড পৰি বিস্ফোৰণ হয়। এই বিস্ফোৰণত কেইবাখনো বাহনৰ ক্ষতিগ্ৰস্থ হৈছে। বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱাৰ লগে লগে অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে। বৰ্তমান পৰিস্থিতি স্বাভাৱিক যদিও ঘটনাস্থলীত নিৰাপত্তা বাহিনী উপস্থিত আছে আৰু সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰাখিছে।

ইয়াৰ পূৰ্বে দেওবাৰে শ্বপিয়ানৰ জৈনাপোৰাত উগ্ৰপন্থীয়ে চি আৰ পি এফ জোৱানসকলক আক্ৰমণ কৰে। তাৰ পিছত চি আৰ পি এফৰ জোৱানসকলে প্ৰতিশোধ লয় আৰু এজন কাশ্মীৰী নাগৰিক ক্ৰছ-ফায়াৰিংত নিহত হয়। নাগৰিকজনক আপেল বিক্ৰেতা শ্বাহিদ এজাজ বুলি চিনাক্ত কৰা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in