মায়ঙৰ ঝাৰগাঁও মহকুমা স্বাস্থ্য কেন্দ্ৰ আকস্মিক পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ…

মায়ঙৰ ঝাৰগাঁও মহকুমা স্বাস্থ্য কেন্দ্ৰ আকস্মিক পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ…

ডিজিটেল সংবাদ, মায়ংঃ শুকুৰবাৰে বিয়লিৰ ভাগত মৰিগাঁও জিলাৰ জাগীৰোড বিধান সভা সমষ্টিৰ অন্তৰ্গত ঝাৰগাঁও মহকুমা স্বাস্থ্য কেন্দ্ৰত আকস্মিক ভাবে উপস্থিত হৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই স্বাস্থ্য কেন্দ্ৰ খন পৰিদৰ্শন কৰে।স্বাস্থ্য বিভাগৰ উপ সচিব গৰাকীক লগত লৈ কেশৱ মহন্তই পৰিদৰ্শন কৰা কালত ঝাৰগাঁও মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ পবন চন্দ্ৰ পাটৰে বিভিন্ন আন্তঃগাঁথনিৰ সমস্যাৰ কথা অৱগত কৰে।

খোৱাপানী, বিদ্যুত যোগান আৰু দুৰ্বল ঘৰ দুৱাৰ সমূহ মেৰামতি কৰাৰ লগতে ৩৫ বছৰ পূৰ্বে নিৰ্মাণ কৰা স্বাস্থ্য কেন্দ্ৰ খনৰ ঘৰ দুৱাৰ সমূহ নতুনকৈ মেৰামতি কৰাৰ বাবে অনুৰোধ জনায়।মন্ত্ৰী কেশৱ মহন্তই উপ সচিব গৰাকীক স্বাস্থ্য কেন্দ্ৰ খনৰ অভাৱ অনাটন খিনি লিখি লবলৈ নিৰ্দেশ দিয়ে আৰু ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া গৰাকীক এখন আবেদন দিবলৈ পৰামৰ্শ দিয়ে।

ইয়াৰ পিছতেই কণ্টটেইনমেণ্ট জন হৈ থকা খলনী পঠালি পাহাৰ গাঁও খনত উপস্থিত হৈ পৰিস্থিতি ৰ বুজ লৈ ৰাওনা হয় মন্ত্ৰী কেশৱ মহন্ত।আজি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে পৰিদৰ্শন কৰি যোৱাৰ পিছতেই ঝাৰগাঁও মহকুমা স্বাস্থ্য কেন্দ্ৰ খনৰ অভাৱ আৰু সমস্যা সমূহ দূৰ হব বুলি আশা প্ৰকাশ কৰিছে চিকিৎসক নাৰ্ছ কৰ্মচাৰী সকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in