কৰুণানিধিৰ স্বাস্থ্যৰ অধিক অৱনতি, কাবেৰীত কান্দোনৰ ৰোল

কান্দি কান্দি এনেদৰে শোকত ভাগি পৰিছে কৰুণানিধিৰ এজন অনুৰাগী, কাবেৰী হাস্পতাল চৌহদত মঙলবাৰে
কান্দি কান্দি এনেদৰে শোকত ভাগি পৰিছে কৰুণানিধিৰ এজন অনুৰাগী, কাবেৰী হাস্পতাল চৌহদত মঙলবাৰে

ডিজিটেল ডেস্কঃ প্ৰিয় নেতা কেতিয়া উভতি আহিব? নে সেই অন্তিম মুহূৰ্ত আহি উপস্থিত হৈছে? এই লৈ এতিয়া উত্কণ্ঠিত এম কৰুণানিধিৰ অনুগামীসকল। কাবেৰী হাস্পতালৰ চৌহদত প্ৰিয় নেতাৰ অপেক্ষাত সোমবাৰে গোটেই নিশা উজাগৰে কটাই অগণন অনুগামীয়ে। ইতিমধ্যে কোনো কোনো লোকে শোকবাৰ্তা লিখিবলৈ আৰম্ভ কৰাৰ বাতৰিও পোৱা গৈছে।

কাবেৰী হাস্পতাল কৰ্তৃপক্ষই এক বিবৃতিত ডি এম কে সভাপতি মেথুভেলা কৰুণানিধিৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটা বুলি প্ৰকাশ কৰাৰ পিছতে এনেদৰে উদ্বিগ্ন হৈ পৰে তেওঁৰ অনুগামীসকল।

'বাৰ্ধক্যজনিত কাৰণত তেওঁৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ-প্ৰত্যেংগসমূহ প্ৰায় অচল হৈ পৰিছে। প্ৰতিটো মুহূৰ্ততে তেওঁক চোৱা-চিতা কৰি থকা হৈছে। সক্ৰিয় মেডিকেল ছাপৰ্ট দি ৰখা হৈছে যদিও তেওঁৰ শৰীৰে সেই ছাপৰ্টক কি ভাৱে লয় তাৰ ওপৰতে নিৰ্ভৰ কৰিছে তেওঁৰ স্বাস্থ্য।'- বিবৃতিটোত এইদৰে উল্লেখ কৰিছিল হাস্পতাল কৰ্তৃপক্ষই।

অসুস্থ নেতাগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ বাতৰি পাই মঙলবাৰে পুৱাৰ ভাগত বহু অনুগামীক হাস্পতাল চৌহদত কান্দোনত ভাগি পৰা দেখা গৈছে। অনুগামীসকলে সৃষ্টি কৰা এনে পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলৈ ইতিমধ্যে স্থানীয় প্ৰশাসনে হাস্পতাল চৌহদত নিৰাপত্তাৰক্ষী মোতায়েন কৰিছে।

উল্লেখ্য যে যোৱা ২৭ জুলাইত মূত্ৰনলীত সংক্ৰমণ আৰু জ্বৰৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পিছতে কাবেৰী হাস্পতালৰ আই চি ইউত ভৰ্তি কৰা হৈছিল ডি এম কেৰ নেতাগৰাকীক।

২৯ জুলাইত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটা বুলি বাতৰি পোৱাৰ পিছৰে পৰা হাস্পতাল চৌহদত ভিৰ কৰিবলৈ আৰম্ভ কৰিছিল অনুগামীসকলে। এনে ভিৰৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা পৰ্যন্ত কৰিবলগীয়া হয়। এই ঘটনাৰ পিছতে সমৰ্থকসকলক সংযত হ'বলৈ অনুৰোধ জনাইছে কৰুণানিধিৰ পুত্ৰ এম কে স্তালিনে।

অনুগামীসকলৰ লগতে তেওঁৰ স্বাস্থ্যৰ বুজ ল'বলৈ ইতিমধ্যে কাবেৰী হাস্পতালত ভিৰ কৰা দেখা গৈছে ৰাজনৈতিক দলসমূহৰ নেতাসকলকো। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পিছত সোমবাৰে হাস্পতালখনত উপস্থিত হৈ কৰুণানিধিৰ স্বাস্থ্যৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাকৰীয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৰুণানিধিৰ স্বাস্থ্যৰ বুজ লৈ পুত্ৰ স্তালিন আৰু কন্যা কানিমুঝিৰ সৈতেও মত বিনিময় কৰে।

গাডকাৰীৰ লগতে উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু, শাৰদ পাৱাৰ, ডেৰেক অ-ব্ৰায়েনেও কৰুণানিধি চিকিসাধীন হৈ থকা হাস্পতালত উপস্থিত হয়। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি এম ছিৰিসেনাইয়ো বৰ্ষীয়ান নেতাগৰাকীৰ স্বাস্থ্যৰ বুজ ল'বলৈ এটা বিশেষ প্ৰতিনিধি দল প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in