আই এন এক্স মিডিয়া কেলেংকাৰীঃ ই ডি কাৰ্যালয়ত সোধ-পোছ কংগ্ৰেছ সাংসদ কাৰ্তি চিদাম্বৰামক…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰামৰ পুত্ৰ কাৰ্তি চিদাম্বৰামক সোমবাৰে হাজিৰ হয় ই ডি কাৰ্যালয়ত। কংগ্ৰেছ সাংসদ কাৰ্তি চিদাম্বৰামক আই এন এক্স মিডিয়া মানী লণ্ডেৰিং গোচৰ সন্দৰ্ভত সোধ-পোছ কৰা হয়। ই ডি কাৰ্যালয়ত কাৰ্তি চিদাম্বৰামৰ সাক্ষ্য লিপিবদ্ধ কৰা হয়।

উল্লেখ্য যে, ২০১৯চনৰ অক্টোবৰ মাহতো আই এন এক্স মিডিয়া কেলেংকাৰী সন্দৰ্ভতসোধ-পোছ কৰা হৈছিল। তদুপৰি এই গোচৰতে তেওঁৰ পিতৃ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীপি চিদাম্বৰামক ২০১৯ বৰ্ষত চিবিআই আৰু ইডিয়ে ১০০ দিনৰ বাবে জিম্মাত ৰাখিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in