দেহা দিলেহে ঋণ! বেংক মেনেজাৰক শিক্ষা মহিলাৰঃ VIDEO ভাইৰেল

দেহা দিলেহে ঋণ! বেংক মেনেজাৰক শিক্ষা মহিলাৰঃ VIDEO ভাইৰেল

ডিজিটেল ডেস্কঃ ৰাজপথত মহিলাৰ ৰণচণ্ডী ৰূপ। মা দুৰ্গাৰ সমগ্ৰ শক্তি আহৰণ কৰি জপিয়াই পৰিছে মানুহৰূপী অসুৰৰ ওপৰত। মহিলাগৰাকীয়ে লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ কৰিছে এজন পুৰুষক।

মহাষষ্ঠীৰ দিনাই সংঘটিত হোৱা এই সমগ্ৰ ঘটনা বন্দী হৈ ৰয় কেমেৰাত। #MeTooক লৈ সমগ্ৰ দেশ উত্তাল হৈ থকাৰ সময়তে পোহৰলৈ অহা এই ভিডিঅ'টোৱে এতিয়া সৃষ্টি কৰিছে চাঞ্চল্যৰ।

সংবাদ সংস্থা এএনআইত প্ৰকাশিত বাতৰি অনুযায়ী সোমবাৰে কৰ্ণাটকৰ দেৱানগিৰি নগৰত সংঘটিত হৈছে এই ঘটনা। মহিলাগৰাকীয়ে যিজন লোকক প্ৰহাৰ কৰিছে সেই লোকজন হৈছে বেংকৰ মেনেজাৰ।

১৫ লাখ টকাৰ ঋণ বিচাৰি স্থানীয় এটা বেংকলৈ গৈছিল মহিলাগৰাকী। ঋণৰ বাবে আবেদন জনাই সকলো নথি-পত্ৰ জমা দি অনুমোদন লাভৰ বাবে মেনেজাৰগৰাকীৰ কাষ চাপে মহিলাগৰাকীয়ে। প্ৰাৰম্ভিক কথা-বতৰাৰ অন্তত বেংক মেনেজাৰজনে মহিলাগৰাকীৰ ব্যৱসায়িক ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে যাব বুলি জনায়।

পূৰ্বে কোৱা ধৰণে মহিলাগৰাকীৰ ব্যৱসায়িক ক্ষেত্ৰত উপস্থিত হয় বেংক মেনেজাৰজন। তালৈ আহিয়েই ঋণ বিচৰা মহিলাগৰাকীৰ ওচৰত এটা চৰ্ত আৰোপ কৰে। চৰ্তটো শুনিয়েই ৰণচণ্ডী ৰূপ ধাৰণ কৰে গ্ৰাহকগৰাকীয়ে।

জানিব পৰা মতে, বেংক মেনেজাৰজনে ঋণ অনুমোদনৰ বাবে মহিলা গ্ৰাহকগৰাকীক অশালীন প্ৰস্তাৱ আগবঢ়ায়। সেই প্ৰস্তাৱ মানি ল'লে তাৎক্ষণিকভাৱে ১৫ লাখৰ ঋণ অনুমোদন কৰিব বুলি জনায় মেনেজাৰজনে।

এই প্ৰস্তাৱ শুনা মাত্ৰকে মহিলাগৰাকীয়ে বেংক মেনেজাৰজনৰ চোলাৰ কলাৰত ধৰি লাঠিৰে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে। সেই দৃশ্য কেমেৰাত বন্দী কৰিবলৈ লোৱা প্ৰত্যক্ষদৰ্শীসকলক উদ্দেশ্যি মহিলাগৰাকীয়ে কয়, 'ৰেকৰ্ডিং কৰি যোৱা, মই ভয় নকৰো, কাৰণ মই একো ভুল কৰা নাই। এনে লোকক এনেদৰেই শাস্তি দিব লাগে।'

ছ'চিয়েল মিডিয়াত ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ পিছতে নেটিজেনসকলে এয়াহে প্ৰকৃত #MeToo বুলি মন্তব্য কৰা দেখা গৈছে। ইতিমধ্যে দেশৰ কেবা লক্ষাধিক লোকে ভিডিঅ'টো প্ৰত্যক্ষ কৰিছে যদিও ঘটনা সন্দৰ্ভত গোচৰ ৰুজু হৈছে নে নাই সেই সম্পৰ্কে জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in