কৰ্ণাটকত অট্টালিকা খহি পৰি নিহতৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি, উদ্ধাৰ অভিযান অব্যাহত

কৰ্ণাটকত অট্টালিকা খহি পৰি নিহতৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি, উদ্ধাৰ অভিযান অব্যাহত
  • কৰ্ণাটকৰ ধাৰৱাড়ত অট্টালিকা খহি পৰি নিহতৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি।
  • বৃহস্পতিবাৰে খহি পৰিছিল এটা নিৰ্মীয়মান অট্টালিকা।
  • দুৰ্ঘটনাটোত আহত হৈছে প্ৰায় অৰ্ধশতাধিক লোক।
  • অট্টালিকাটোৰ ধ্বংসস্তূপৰ মাজত আবদ্ধ কেইবাজনো।
  • এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
  • ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ থকাসকলক অ'আৰএছ আৰু অক্সিজেন প্ৰদান কৰা হৈছে।
  • ইফালে, শুকুৰবাৰে দিনৰ ভাগত অট্টালিকাটোৰ ৪ মালিকে আৰক্ষীৰ ওচৰত কৰে আত্মসমৰ্পন।
  • আৰক্ষীয়ে বিল্ডিংটোৰ নিৰ্মাণত নিয়োজিত ইঞ্জিনিয়াৰজনকো গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।
  • ৭২ ঘন্টা ধৰি অব্যাহত আছে উদ্ধাৰ অভিযান।
  • মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in