পুনৰ পৰম্পৰা! সৱৰিমালাৰ পিছত এইবাৰ কৰ্ণাটকত মন্দিৰত মহিলাৰ প্ৰৱেশক লৈ বিতৰ্ক

পুনৰ পৰম্পৰা! সৱৰিমালাৰ পিছত এইবাৰ কৰ্ণাটকত মন্দিৰত মহিলাৰ প্ৰৱেশক লৈ বিতৰ্ক

ডিজিটেল ডেস্কঃ কেৰালাৰ সৱৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশক লৈ বিতৰ্ক চলি থকাৰ সময়তে এইবাৰ কৰ্ণাটকৰ এটা মন্দিৰৰ মঠত এগৰাকী মহিলাই প্ৰৱেশ কৰি পৰম্পৰা ভংগ কৰাক লৈ তুমুল বিতৰ্কৰ সৃষ্টি হৈছে।

কৰ্ণাটকৰ কোল্লুৰ জিলাৰ শ্ৰী মুকাম্বিকা মন্দিৰৰ লক্ষ্মী মঠত এগৰাকী মহিলাৰ প্ৰৱেশৰ পিছতে সৃষ্টি হৈছে এই বিতৰ্কৰ। উল্লেখ্য যে, শ্ৰী মুকাম্বিকা মন্দিৰৰ লক্ষ্মী মঠত পৰম্পৰাগতভাৱে কেৱল মন্দিৰৰ পূজাৰীয়েহে প্ৰৱেশ কৰিব পাৰে। কিন্তু এগৰাকী মহিলাই মন্দিৰত প্ৰৱেশ কৰাৰ ভিডিঅ' বুধবাৰে ভাইৰেল হৈ পৰাৰ পিছতে ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

জানিব পৰা মতে, বুধবাৰে মন্দিৰত নৱৰাত্ৰি পূজা চলি থকা সময়তে মন্দিৰৰ লক্ষ্মী মঠত মন্দিৰ পৰিচলনা সমিতিৰ টি আৰ উমা নামৰ এগৰাকী প্ৰাক্তন মহিলা বিষয়-ববীয়াই প্ৰৱেশ কৰে। কিন্তু কোনো লোকে মহিলাগৰাকীৰ প্ৰৱেশৰ ভিডিঅ' গোপনে ৰেকৰ্ড কৰি ছ'চিয়েল মিডিয়াত এৰি দিয়ে। এই ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ পিছতে মহিলাগৰাকীৰ বিৰুদ্ধে মন্দিৰ পৰিচালনা সমিতি সৰৱ হৈ পৰাৰ লগতে ৰাজ্যজুৰি বিতৰ্কৰ সূত্ৰপাত হয়।

অভিযোগ অনুসৰি, নৱৰাত্ৰিৰ দিনা মন্দিৰ পৰিচালনা সমতিৰি একাংশ কৰ্মকৰ্তাই উমাক মন্দিৰৰ ভিতৰত প্ৰৱেশৰ অনুমতি প্ৰদান কৰে। ইফালে, এই ঘটনা প্ৰচাৰ হোৱাৰ পিছতে মন্দিৰৰ পূজাৰীসহ বিভিন্নজনে উমাক প্ৰৱেশৰ অনুমতি দিয়া কৰ্মকৰ্তা আৰু মহিলাগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

মন্দিৰ পৰিচালনা সমিতিৰ অধ্যক্ষ হৰিশ কুমাৰে এই সন্দৰ্ভত কয় যে নৱৰাত্ৰিৰ সময়ত মহিলাগৰাকীয়ে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি পৰম্পৰাক অপমান কৰাৰ লগতে কোটি কোটি ভক্তৰ আস্থাত আঘাত হানিছে। যাৰ বাবে টি আৰ উমাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in