বৃষ্টিপাতৰ ফলত নষ্ট ৫ লাখ হেক্টৰ কৃষিভূমিঃ মূৰে-কপালে হাত দিছে কৃষকে…

বৃষ্টিপাতৰ ফলত নষ্ট ৫ লাখ হেক্টৰ কৃষিভূমিঃ মূৰে-কপালে হাত দিছে কৃষকে…

ডিজিটেল ডেস্কঃ কৰ্ণাটকত নেৰানেপেৰাকৈ হৈ থকা বৃষ্টিপাতৰ ফলত প্ৰায় ৫ লাখ হেক্টৰ কৃষিভূমিত উৎপাদিত পাচলিসমূহ নষ্ট হৈ গৈছে। ইয়াৰ ফলত এফালে কৃষকসকলে মূৰে-কপালে হাত দিবলগীয়া হৈছে, আনফালে আকাশলংঘী দাম বৃদ্ধি পাইছে বজাৰত পাচলিৰ মূল্য। বাংগালুৰুত বিলাহীৰ প্ৰতি কেজি বৰ্তমান ১২০ টকাত ক্ৰয় কৰিবলগীয়া হৈছে গ্ৰাহকে। তদুপৰি পিয়াজ প্ৰতি কেজি ৫০ৰ পৰা ৭০ টকাত ক্ৰয় কৰিবলৈ বাধ্য হৈছে সৰ্বসাধাৰণ ৰাইজ।

ধাৰাসাৰ বৃষ্টিপাতৰ ফলত উৎপাদিল পাচলি নষ্ট হৈ যোৱাৰ পাছত সকলোৱে চৰকাৰৰ পৰা সহায়ৰ আহ্বান জনাইছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সাংবাদিকৰ আগত এগৰাকী স্থানীয় কৃষকে কয় যে- যোৱা ১৫ দিন ধৰি ইয়াত নেৰানেপেৰা বৰষুণ হৈ আছে। ফলত আমাৰ সকলো উৎপাদিত পাচলি নষ্ট হৈ গৈছে। ইফালে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- আমি বিভাগীয় লোকক নষ্ট হোৱা কৃষিভূমিৰ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in