ভয়ংকৰ বিস্ফোৰণ, নিহত ৬

16,970

ডিজিটেল ডেস্কঃ কৰ্ণাটকত সংঘটিত হোৱা এক বিস্ফোৰণত নিহত হৈছে ৬গৰাকীকৈ লোক। বিস্ফোতক জিলেটিন ষ্ট্ৰিক বিস্ফোৰণ হোৱাৰ বাবেই এই ঘটনা সংঘটিত হৈছে। ৬গৰাকী লোকৰ মৃত্যুৰ লগতে এগৰাকী লোক গুৰুতৰভাৱে আহত হৈছে।

কৰ্ণাটকৰ ছিকবল্লপুৰ অঞ্চলত সংঘটিত হোৱা এই ঘটনাক লৈ শেহতীয়াকৈ আৰক্ষীয়ে সদৰি কৰিছে কিছু তথ্য। আৰক্ষীৰ মতে, কিছুলোকে অবৈধভাৱে এই বিস্ফোতকখিনি জমা কৰি ৰাখিছিল। আৰক্ষীয়ে এই খবৰ পোৱা বুলি খবৰ পোৱাৰ পাছতে বিস্ফোতকখিনি নষ্ট কৰাৰ চেষ্টা চলাওতেই এই ঘটনা সংঘটিত হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি