বাংগালুৰুত সংঘটিত হিংসাত্মক ঘটনা পূৰ্ব পৰিকল্পিতঃ মন্ত্ৰী চি টি ৰবি…

318

ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ মন্ত্ৰী চি টি ৰবিয়ে বুধবাৰে কয় যে, বাংগালুৰুত মঙলবাৰে সংঘটিত হিংসাত্মক ঘটনা পূৰ্ব পৰিকল্পিত আছিল। এই ঘটনাৰ সময়ত আৰক্ষীয়ে কৰা গুলীচালনাত তিনিজন লোকে প্ৰাণো হেৰুৱাইছে। সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে লগতে কয়- ৰাজ্য চৰকাৰে হিংসাত্মক ঘটনাৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা সম্পত্তিৰ মূল্যও এই ঘটনা সংঘটিত কৰা সকলৰ পৰা লোৱা হ’ব।

উল্লেখ্য যে, ২০১৯চনত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰা সময়তো সৃষ্টি হোৱা হিংসাত্মক ঘটনাৰ সময়তো উত্তৰ প্ৰদেশ চৰকাৰে একে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। বাংগালুৰুত এটা ফেচবুক পোষ্টক লৈ সৃষ্টি হৈছিল এই ঘটনা। স্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠীচালনা, কন্দোৱা গেছ নিক্ষেপ কৰাৰ লগতে গুলীচালনাও কৰিব লগা হৈছিল। গুলীচালনাত ৩জনকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে পৰিস্থিতি নিয়ন্ত্ৰণৰ সমত আৰক্ষীৰ ৬০জনকৈ লোক আহত হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি