কৰ্ণাটকত শোকাৱহ দুৰ্ঘটনা, নাও ডুবি মৃত্যু ১৬ যাত্ৰীৰ

কৰ্ণাটকত শোকাৱহ দুৰ্ঘটনা, নাও ডুবি মৃত্যু ১৬ যাত্ৰীৰ

ডিজিটেল ডেস্কঃ কৰ্ণাটকত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা। কৰৱাড়ত নাও ডুবি যোৱাৰ ফলত মৃত্যু ১৬গৰাকীকৈ যাত্ৰী। জানিব পৰামতে, ডুবি যোৱা নাওখনত মুঠ ২৪ গৰাকী যাত্ৰী আছিল। কৰৱাড়ত ডুবি যায় নাওখন।

এই কৰুণ ঘটনা সংঘটিত হোৱাৰ পাছত ভাৰতীয় নৌ সেনা আৰু কোষ্টগাৰ্ডৰ উদ্ধাৰকাৰী অভিযানত বৰ্তমানলৈ ১৬জন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। ইফালে, সন্ধানহীন বাকী কেইজন যাত্ৰীৰ সন্ধান বৰ্তমানেও অব্যাহত ৰখা হৈছে। আনহাতে, আটাইকেইজন যাত্ৰীৰে মৃত্যু হোৱা বুলি সন্দেহ ব্যক্ত কৰে উদ্ধাৰকাৰী দলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in