কংগ্ৰেছ বিধায়কে তেওঁক নেতা বুলি নাভাৱেঃ মুখ্যমন্ত্ৰী কুমাৰস্বামীৰ ক্ষোভ! পদত্যাগৰ ভাবুকি

কংগ্ৰেছ বিধায়কে তেওঁক নেতা বুলি নাভাৱেঃ মুখ্যমন্ত্ৰী কুমাৰস্বামীৰ ক্ষোভ! পদত্যাগৰ ভাবুকি

ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ শাসকীয় ৰাজনৈতিক লৈ চলা সংঘাতে অন্য এক ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। বিজেপিয়ে কংগ্ৰেছ-জে ডি এছ বিধায়কক প্ৰলোভন দেখুৱাই চৰকাৰ ভংগ কৰাৰ বাবে চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ সময়তে এইবাৰ মিত্ৰজোঁট কংগ্ৰেছ আৰু জে ডি এছৰ মাজতো ৰাজনৈতিক সংঘাত পৰিস্ফূট হৈ পৰিছে।

সোমবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কুমাৰস্বামীয়ে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে অসন্তুষ্টি ব্যক্ত কৰে। কংগ্ৰেছ বিধায়কে তেওঁক চৰকাৰখনৰ নেতা হিচাপে নাভাৱে। তাৰ পৰিৱৰ্তে সিদ্ধাৰামাইয়াকহে কংগ্ৰেছ বিধায়কসকলে তেওঁলোকৰ তেওঁলোকৰ নেতা বা নেতৃত্ব দিওতা বুলি গণ্য কৰে।

কংগ্ৰেছ বিধায়কসকলৰ এনে আচৰণৰ ফলতে অসন্তুষ্টি ব্যক্ত কৰে কুমাৰস্বামীয়ে। যদি কংগ্ৰেছ বিধায়কসকলে এনে আচৰণ সলনি নকৰে তেন্তে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈও সাজু বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে তেওঁলোকৰ দলৰ বিধায়কসকলক নিয়ন্ত্ৰণ কৰা উচিত বুলিও কয় কুমাৰস্বামীয়ে।

উল্লেখ্য যে, কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত কোনো এটা দলেই সংখ্যাগৰিষ্ঠ আসন লাভ নকৰাত অৱশেষত কংগ্ৰেছে প্ৰাক্তন প্রধানমন্ত্ৰী এছ ডি দেৱগৌড়াৰ দল জে ডি এছৰ সৈতে মিত্ৰতাৰে চৰকাৰ গঠন কৰে। মিত্ৰজোটৰ চৰকাৰখনত এছ ডি কুমাৰস্বামীক ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে সৰ্বসন্মতিক্ৰমে দায়িত্বভাৰ অৰ্পণ কৰা হয়।

কিন্তু চৰকাৰ গঠনৰ ৬ মাহ সম্পূৰ্ণ নৌহওঁতেই বিধায়ক কিনা-বেচাৰ ৰাজনীতিয়ে চৰকাৰখনক ভাঙোনমুখী কৰি তোলে। কংগ্ৰেছে অভিযোগ উত্থাপন কৰে যে বিজেপিয়ে বিভিন্ন প্ৰলোভন দেখুৱাই আৰু বল প্ৰয়োগ কৰি কংগ্ৰেছী বিধায়কক নিজৰ দলত অন্তৰ্ভূক্ত কৰিব বিচাৰিছে। আনহাতে তেনে এক পৰিস্থিতিতে কংগ্ৰেছৰ বহু বিধায়কে বাংগালুৰুৰ হোটেলত সোমাই থাকিবলগা হয়।

ইফালে এইবাৰ দুই মিত্ৰদল জেডিএছ আৰু কংগ্ৰেছৰ মিত্ৰতাৰ মাজতে নেতৃত্ব স্বীকাৰক লৈ সৃষ্টি হোৱা দ্বিমতে ৰাজ্যৰ চৰকাৰখন ভংগ হোৱাৰ পৰিস্থিতি সৃষ্টি কৰিব নেকি বুলি এতিয়া আশংকা কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in