শেহতীয়া খবৰ
ৰাজনীতি ত্যাগ কৰিব ৰাজ্যৰ এগৰাকী কংগ্ৰেছ বিধায়কে! VIDEO  •  ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...

চৰকাৰ ৰক্ষাৰ আপ্ৰাণ চেষ্টাঃ কৰ্ণাটকৰ বিধানসভাত আস্থা ভোটৰ বাবে সাজু মুখ্যমন্ত্ৰী কুমাৰস্বামী

343

ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ কংগ্ৰেছ-জেডিএছ মিত্ৰজোঁটৰ চৰকাৰৰ ওপৰত চলা সংকটৰ মাজতে শুকুৰবাৰৰ পৰা আৰম্ভ বিধানসভাৰ বাজেট অধিবেশনত মুখ্যমন্ত্ৰী কুমাৰস্বামীয়ে বিধানসভাত আস্থা ভোটৰ বাবে সাজু বুলি ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ বাবে বিধানসভাৰ অধ্যক্ষক সময় নিশ্চিত কৰিবলৈও আবেদন জনায়।

ইফালে কৰ্ণাটকৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে শুনানি গ্ৰহণ কৰি মঙলবাৰ পৰ্যন্ত যথাস্থিতি অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ দীপক গুপ্তা আৰু ন্যায়াধীশ অনিৰুদ্ধ বসুৰ বিচাৰপীঠে ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশ কুমাৰ পদত্যাগী বিধায়কৰ পদত্যাগপত্ৰ আৰু অযোগ্যতা সন্দৰ্ভত কোনো সিদ্ধান্ত নল’বলৈ নিৰ্দেশ দিয়ে।

শুকুৰবাৰে আদালতে শুনানি গ্ৰহণ কৰি কয় যে আদালতত দাখিল কৰা অসম্পূৰ্ণ তথ্যৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ বিধায়ক পদত্যাগ কাণ্ডৰ পৰৱৰ্তী শুনানিৰ আৱশ্যক আছে। আদালতে কয়, ‘শুনানিকালত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য উন্মোচনত হোৱাত মঙলবাৰেও ইয়াৰ ওপৰত বিচাৰ কৰাৰ প্ৰয়োজন অনুভৱ হৈছে। তেতিয়ালৈকে ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতিৰ অপৰত যথাস্থিতি অব্যাহত থকা উচিত।’

মঙলবাৰ পৰ্যন্ত বিসম্বাদী বিধায়কৰ পদত্যাগ কিম্বা অযোগ্যতা সন্দৰ্ভত মুখ্যমন্ত্ৰী তথা বিধানসভাৰ অধ্যক্ষই যাতে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰে, তাৰ বাবেও সকিয়নী প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি