আজি হ’ব নিৰ্ণয়ঃ কৰ্ণাটকতো খহিঁব নেকি বিজেপি চৰকাৰ!

আজি হ’ব নিৰ্ণয়ঃ কৰ্ণাটকতো খহিঁব নেকি বিজেপি চৰকাৰ!

ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ ১৫ টা বিধানসভা সমষ্টিত বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে উপ নিৰ্বাচন। বিজেপি, কংগ্ৰেছৰ লগতে ৰা্‌জ্যখনৰ আটাইকেইটা আঞ্চলিক দলৰ প্ৰাৰ্থী অৱৰ্তীণ হৈছে এই নিৰ্বাচনত। প্ৰাপ্ত খবৰনুসৰি, এই ১৫ টা সমষ্টিত আটাইকেইটা দলৰ মুঠ ১৬৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিন্দন্দ্বিতা আগবঢ়াইছে। সমষ্টিকেইটাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে প্ৰায় ৩৮ লাখ। ইয়াৰে ১৯.২৫ লাখ পুৰুষ আৰু ১৮.৫২ লাখ হৈছে মহিলা ভোটাৰ।

সবোতোকৈ লক্ষ্যণীয় কথাটো হৈছে, এই উপনিৰ্বাচনেই কৰ্ণাটকৰ বিজেপি চৰকাৰৰ ভৱিষ্যত নিৰ্ণয় কৰিব। ১৫ খন আসনৰ ভিতৰত অতি কমেও বিজেপিক ৭ খন আসনৰ প্ৰয়োজন হব। তথাপিও ৰাজ্যিক বিজেপিৰ নেতৃত্বই ৮ খন জয় নিশ্চিত বুলি দাবী কৰিছে।

উল্লেখ্য যে, ২২৪ জনীয়া কৰ্ণাটক বিধানসভাৰ কংগ্ৰেছ আৰু জনতা দল (চেকুলাৰ)ৰ মুঠ ১৭ জন বিধায়কে দলৰ পৰা পদত্যাগ কৰিছিল। ইয়াৰ পাছতে পতন ঘটিছিল কুমাৰস্বামী নেতৃত্বাধীন মিত্ৰজোটৰ চৰকাৰ। পদত্যাদৰ পাছত মিত্ৰজোটৰ আসনৰ সংখ্যা ১০৪ খনলৈ হ্ৰাস পাইছিল আৰু তেতিয়াই ১০৫ খন আসনৰ সৈতে ৰাজ্যখনত চৰকাৰ গঠন কৰিছিল বিজেপিয়ে।

পদত্যাগ কৰা সকলো বিধায়ককে বিধানসভা অধ্যক্ষই বিধানসভাৰ সদস্য পদ কৰ্তন কৰিছিল আৰু পুনৰ নিৰ্বাচনত অৱৰ্তীণ হবৰ বাবে বাধা আৰোপ কৰিছিল। কিন্তু দেশৰ উচ্চতম ন্যায়ালয়ে পুনৰ এই বিধায়ককেইজনক নিৰ্বাচনত অৱৰ্তীণ হবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল। এই উপ নিৰ্বাচনত বিজেপিয়ে ১৫ গৰাকী পদত্যাগী বিধায়ককে টিকট প্ৰদান কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in