কৰিমগঞ্জত নিজ চাৰ্ভিছ ৰাইফলেৰে গুলিয়াই বিএছএফ জোৱানৰ আত্মহত্যা…

কৰিমগঞ্জত নিজ চাৰ্ভিছ ৰাইফলেৰে গুলিয়াই বিএছএফ জোৱানৰ আত্মহত্যা…

ডিজিটেল সংবাদ,শিলচৰঃ কৰিমগঞ্জত কৰ্মৰত এজন বিএছএফ জোৱানে নিজৰ চাৰ্ভিছ ৰাইফলেৰে গুলি কৰি আত্মহত্যা কৰা ঘটনাই কৰিমগঞ্জত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কৰিমগঞ্জৰ ৰাংগামাটি BSF কেম্পত কৰ্মৰত জোৱান জনৰ নাম খুৰ্শিদ আহমেদ বুলি চিনাক্ত কৰা হৈছে ৷

BSFৰ ১১নং বেটেলিয়ানৰ জোৱান জনৰ ঘৰ হাৰিয়ানাত ৷ কি কাৰনত জোৱানজনে আত্মহননৰ পথ বাছি ললে সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ NRCৰ চুড়ান্ত খচৰা প্ৰকাশৰ পূৰ্বে আইন শৃখলা পৰিস্থিতি বজায় ৰখাৰ বাৱে কৰিমগঞ্জত মোতায়ন কৰা হৈছিল বিএছএফৰ এঘাৰ নম্বৰ বেটেলিয়ানটোক |

ইফালে, জোৱান জনৰ মৃত্যুৰ খবৰ পোৱাৰ পিচত বিএছএফৰ শীৰ্ষ বিষয়া , দণ্ডাধীশ আৰু আৰক্ষী উপস্হিত হৈ মৃতদেহ উদ্ধাৰ কৰে ৷ পিচত মৰনোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ কৰিমগঞ্জ অসামৰিক হস্পিতালয়লৈ প্ৰেৰণ কৰা হয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in