অভি-নীলৰ পিছত কাৰ্বি পাহাৰত টাৰ্গেট আৰক্ষী জোৱান, দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত ভুক্তভোগী জোৱানৰ ফেচবুক পোষ্ট

অভি-নীলৰ পিছত কাৰ্বি পাহাৰত টাৰ্গেট আৰক্ষী জোৱান, দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত ভুক্তভোগী জোৱানৰ ফেচবুক পোষ্ট

ডিজিটেল সংবাদ, হামৰেণঃ অভি-নীলৰ ঘটনাৰ পিছতো শিক্ষা লোৱা নাই একাংশ লোকে। এইবাৰ পুনৰ পশ্চিম কাৰ্বি আংলঙত আক্ৰমণৰ বলি খোদ এজন আৰক্ষীৰ জোৱান। এইবাৰ ঘটনাৰ স্থান পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেন নতুন বজাৰ। হয় হামৰেন গড়কাপ্তানি বিভাগৰ কামৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত এইজন অসম আৰক্ষীৰ চতুৰ্থ বেটেলিয়নৰ কনিষ্টবল ছাহজাহান আলি। মৰিগাঁও জিলাৰ কাঠানি গাঁৱৰ এইজন জোৱান বৰ্তমান চিকিৎসাধীন চিকিৎসালয়ত। ৭ ছেপ্টেম্বৰত কৰ্তব্যস্থলীৰ সমীপৰ হামৰেন বজাৰ স্থিত এটি এম লৈ টকা আনিবলৈ যোৱাৰ সময়ত সেই স্থানত পূৰ্বৰ পৰা থকা একাংশ লোকে চলাইছিল আক্ৰমণ।

আৰক্ষী জোৱান জনৰ ফটো তোলাত বাধা দিয়াৰ বাবে প্ৰথমে ১০ জন মান আৰু পৰৱৰ্তী সময়ত ১০০ ত কৈ অধিক লোকে তেওঁক হত্যাৰ চেষ্টাৰে অতি বৰ্বৰ আক্ৰমণ চলোৱা বুলি অভিযোগ তুলিছে। এই ঘটনা একাংশ আৰক্ষীৰ সম্মুখতে হৈছিল যদিও আৰক্ষীয়ে বাধা দিবলৈ সামৰ্থ্য নাছিল বুলিও অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগীয়ে৷

আৰক্ষীৰ লোক হোৱাৰ পিছতো ৰাইজ অধিক উত্তেজিত হৈ আক্ৰমণ চলোৱা বুলি অভিযোগ তোলে।প্ৰাণৰ মমতাত দৌৰি পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও খেদি খেদি আক্ৰমণ চলাই তেওঁক হত্যাৰ চেষ্টা চলাই যদিও আৰক্ষীয়ে কোনোমতে তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱাত প্ৰাণ ৰক্ষা পৰে বুলি ব্যক্ত কৰে। এতিয়া প্ৰশ্ন হয় ঘটনাৰ কাৰণ যিয়েই নহওঁক কিয় এজন আৰক্ষী জোৱানৰ ওপৰত যদি এনেদৰে ৰাইজে আইন হাতত তুলি আক্ৰমণ চলাই তেন্তে সাধাৰণ জনতাৰ নিৰাপত্তা দিব কোনে।

মূৰ মুখমণ্ডল আৰু দেহৰ বিভিন্ন অংশত আঘাত প্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা জোৱান জনক আক্ৰমণ কৰা আক্ৰমণ কাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ এনেদৰে ছ'চিয়েল মিডিয়াৰ জৰিয়তে আহ্বান জনোৱাৰ ঘটনাই তোলপাৰ লগাইছে আৰক্ষীৰ ভিতৰচৰাতো। এই ঘটনাৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in