বোকাজানত অজনজাতীয় সংগঠনৰ সভা, কাৰ্বি আংলঙত নতুন আইন প্ৰণয়নৰ বিৰুদ্ধে আন্দোলনৰ বাবে সাজু ১৫সংগঠনৰ

বোকাজানত অজনজাতীয় সংগঠনৰ সভা, কাৰ্বি আংলঙত নতুন আইন প্ৰণয়নৰ বিৰুদ্ধে আন্দোলনৰ বাবে সাজু ১৫সংগঠনৰ

ডিজিটেল সংবাদ, বোকাজানঃ কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ বাবে নতুন আইন প্ৰণয়ন কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ে দিয়াৰ পাছতেই দেওবাৰে বোকাজানত সমবেত হ'ল ৰাজ্যৰ ১৮টাকৈ অজনজাতীয় সংগঠন। উল্লেখযোগ্য যে, ৯/২০১৭ নং ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ ৰায়দান কৰি ন্যায়ালয়ে এই ৰায়দান প্ৰদান কৰিছিল।

ৰতন টেৰণ আৰু অন্য ১৭গৰাকী জনজাতীয় নেতাই এই আবেদনৰ জৰিয়তে পৰিষদৰ নিৰ্বাচনত অজনজাতীয় সংগঠনৰ ভোটাধিকাৰ কৰ্তন কৰিব লাগে বুলি আবেদন জনাইছিল। আবেদনখনত উল্লেখ কৰা আছিল- ভাৰতীয় সংবিধানৰ অনুসূচী অনুসৰি ১৯৫২চনৰ পাছত পৰিষদে নিজস্ব আইন কৰি কাৰ কাৰ ভোটাধিকাৰ থাকিব সেয়া ঠিক কৰিব পাৰিব। এই নিয়ম অনুসৰিয়ে কাৰ্বি আংলঙত অজনজাতীয় লোকৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিবলৈ দাবী উত্থাপন কৰিছিল।

ন্যায়ালয়ে সেই আবেদনৰ ওপৰত ভিত্তি কৰি ছমাহৰ ভিতৰত নতুন আইন প্ৰস্তুতৰ নিৰ্দেশ দিছিল। ইয়াৰ পাছতেই জুলাই মাহত পৰিষদৰ আইন প্ৰস্তুতৰ বাবে গঠন কৰা হৈছিল এখন সমিতি। প্ৰথমে বৈঠলাংছৰ বিধায়ক মানসিং ৰংপেৰ নেতৃত্বত এই সমিতি গঠন কৰা হৈছিল যদিও, কেবাটাও কাৰ্বি ছাত্ৰ সংগঠনৰ বিৰোধিতাৰ বাবে হৰেণছিং বে'ৰ অধ্যক্ষতাত নতুনকৈ কমিটী গঠন কৰা হয়। এই সমিতিয়ে পৰিষদৰ নিৰ্বাচনত অজনজাতীয় লোকৰ ভোটাধিকাৰ সন্দৰ্ভত ৩০ ছেপ্টেম্বৰত ব্যক্তিগত মতামতৰ দাবীৰ বাবে আহ্বান জনাইছিল।

ইয়াৰ পাছতেই ৰণজিৎ কুমাৰ সেন আৰু অজিৎ কুমাৰ দে'ৰ সঞ্চালনাত বোকাজানত অনুষ্ঠিত হয় এই বিশাল সভা। য'ত হিন্দীভাষী, বঙালীভাষী, অসমীয়াভাষী, নেপালী ছাত্ৰ সন্থা, মণিপুৰী ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থাকে ধৰি ১৫টাৰো অধিক সংগঠনৰ নেতৃত্বই এই সংকটৰ সময়ত কাৰ্বি আংলঙত বাস কৰা অজনজাতীয় লোকসকলক ঐক্যবদ্ধ হোৱাৰ সময় আহি পৰিল বুলি মন্তব্য কৰে।

বোকাজান নগৰ সমিতিৰ প্ৰাক্তন অধ্যক্ষ ৰমেশ ওঝা, আছাৰ সভাপতি অনিল টপ্প, নেপালী ছাত্ৰ সন্থাৰ সাঃ সম্পাদক সঞ্জিৱ চেত্ৰী, বঙালী সমাজৰ সাধাৰণ সম্পাদক অজয় দাসকে ধৰি বহু কেইজন বিষয়ববীয়াই ঐক্যবন্ধ সংগ্ৰামৰ পোষকতা কৰে। সভাৰ পাছতেই এক সংবাদমেলযোগে বোকাজান জিলাৰ দাবী সমিতিৰ সভাপতি নিৰঞ্জন কৰ্মকাৰে কয়- 'আমাৰ স্পষ্ট কথা, ১৯৫২চনৰ পৰা যি নিয়ম চলি আহিছে, সেয়া চলি থাকিব লাগিব।' ইয়াৰ বাবে ন্যায়িক যুঁজ আৰু গণতান্ত্ৰিক আন্দোলন চলাই যাব বুলিও তেওঁ জানিবলৈ দিয়ে।

এই আন্দোলনৰ বাবে এখন ঐক্যমঞ্চ গঠন কৰিব দল-সংগঠন কেইটাই। ইয়াৰ বাবে ঐক্যবদ্ধ সংগ্ৰাম চলাবলৈ এখন পূৰ্ণাংগ সমিতি গঠন কৰাৰো সিদ্ধান্ত লয় সংগঠন কেইটাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in