প্ৰস্তাৱিত কাৰ্বি স্বায়ত্ত শাসিত টেৰিটৰিয়েল কাউন্সিলত ৰেংমা নগাৰ পৈতৃক ভূমি অন্তৰ্ভুক্ত নকৰবিলৈ কেন্দ্ৰ-অসম চৰকাৰক আহ্বান

প্ৰস্তাৱিত কাৰ্বি স্বায়ত্ত শাসিত টেৰিটৰিয়েল কাউন্সিলত ৰেংমা নগাৰ পৈতৃক ভূমি অন্তৰ্ভুক্ত নকৰবিলৈ কেন্দ্ৰ-অসম চৰকাৰক আহ্বান

ডিজিটেল সংবাদ, ৱাখাঃ কেন্দ্ৰ আৰু অসম চৰকাৰৰ প্ৰস্তাৱিত কাৰ্বি স্বায়ত্ত শাসিত টেৰিটৰিয়েল কাউন্সিলত ৰেংমা নগাসকলৰ পৈতৃক ভূমিক অন্তৰ্ভুক্ত নকৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহবান জনাইছে নগা হোহোৱে । বৃহস্পতিবাৰে নগা হোহোৰ সভাপতি এইচ কে ঝিমমি আৰু মুখপাত্ৰ মোৱা ইমছেন জাৰি কৰা এক প্ৰেছবাৰ্তাত কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু নগাৰ বিভিন্ন পক্ষৰ মাজত বৰ্তমান চলি থকা ৰাজনৈতিক আলোচনাক গভীৰভাৱে সন্মান কৰা উচিত । চুক্তি যিয়েই নহওঁক কিয় ভৱিষ্যতে যাতে নগা ৰাজনৈতিক আলোচনাত ভুল বুজাবুজিৰে বাধা উৎপন্ন নহয় ।

নগা হোহোৱে কয় — কাৰ্বি আংলং জিলা বিভিন্ন জনগোষ্ঠীৰ মাজৰ সীমা সমস্যাক অবজ্ঞা কৰি চৰকাৰে পূৰ্বৰ ভুল পুনৰাবৃত্তি কৰা অনুচিত । যাতে ভৱিষ্যতে সকলোৱে ভুল বুজাবুজি পৰা আঁতৰি থাকিব পাৰে । নগা হোহোৱে আৰু কয় যে কাৰ্বি আংলং জিলা ৰেংমা হিলছত বাস কৰা নগাসকলক অন্ধকাৰ ৰাখি কেন্দ্ৰ আ অসম চৰকাৰে ছয় বিদ্ৰোহী গোটৰ সৈতে যি কাৰ্বি চুক্তি কৰিবলৈ আগবাঢ়িছে তাক কোনোপধ্যেই মানি নলয় । কিয়নো ১৮৩৯ চনত ব্ৰিটিছ চৰকাৰে ৰেংমা নগাসকলক উপেক্ষা কৰি পূৰ্বৰ ৰেংমা হিলছক ৰাজনৈতিক মানচিত্ৰ পৰা আঁতৰাই দিয়ে আৰু তাৰ পৰৱৰ্তী সময়ত ১৯৫০ চনত চৰকাৰে ৰেংমা হিলছক মিকিৰ হিলছ বা কাৰ্বি আংলঙলৈ সলনি কৰে ।

সেয়ে নগাসকলৰ ঐতিহাসিক আৰু ৰাজনৈতিক অধিকাৰক আওকাণ কৰাতো অনুচিত ‌। নগা হোহোৱে কেন্দ্ৰ আৰু অসম চৰকাৰক কোনোধৰণৰ খৰখেদা‌ সিদ্ধান্ত নলবলৈ আহবান জনাইছে যাতে অঞ্চলটোৰ ৰাইজৰ মাজত লাভতকৈ লোকচান বেছি হয় । আনহাতে নাগালেণ্ড- অসম প্ৰতিবেশী ৰাজ্য । এনেক্ষেত্ৰত আমি চুবুৰীয়াৰ সৈতে সৌহাদ্যপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ প্ৰয়োজন । আমি আশা কৰিছো ইয়াৰ দ্বাৰা ভাৰত চৰকাৰৰ সৈতে স্থায়ী শান্তি আৰম্ভ হ'ব। ইফালে কেন্দ্ৰ আৰু অসম চৰকাৰৰ প্ৰস্তাৱিত কাৰ্বি চুক্তি ঘোষণাৰ পিছত ৰেংমা য়ুথ অৰ্গেনাইজেচনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সভাপতি যশোৱা হিমবে কয় যে কাৰ্বি আংলঙৰ ৰেংমা নগাসকলৰ অনুমতি অবিহনে গঠন কৰা জিলা বা স্বায়ত্ত পৰিষদ মানি লোৱা নহ'ব ।

এনে সিদ্ধান্তই খিলঞ্জীয়া ভূমিপুত্ৰৰ মাজত শত্ৰুতা আনিব । কাৰ্বি আংলং বিভিন্ন জনগোষ্ঠীয় একলগে দীৰ্ঘদিন ধৰি শান্তিৰে বসবাস কৰি আহিছে । ৰেংমা নগা পিপলছ কাউন্সিলে সংবিধানৰ ষষ্ঠ অনসূচীৰ আধাৰত সুকীয়া ৰেংমা স্বায়ত্ত শাসিত পৰিষদ জিলা বিচাৰি গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰিছে । ৰেংমা নগা পিপলছ কাউন্সিলৰ সভাপতি ছোলেমেন ৰেংমাই কয় যে ৰেংমাসকলৰ অনুমতি অবিহনে প্ৰস্তাৱিত কাৰ্বি চুক্তি মানি নলয় । তেওঁ কয় যে কাৰ্বি আংলং ১২ লাখ জনসংখ্যা ভিতৰত ৩ লাখহে কাৰ্বি লোক আছে । বাকী বেছিভাগেই অনকাৰ্বি জনগোষ্ঠীৰ লোক ।

ইয়াৰ ২২ হাজাৰ ৰেংমা নগা লোক । এই জনসংখ্যা ভিত্তিত আমি এখন সুকীয়া বিধানসভা আসন দাবী কৰিছো । বিগত সময়চোৱাত এই সন্দৰ্ভত ৰেংমাসকলে কেন্দ্ৰীয় চৰকাৰলৈ বহু লিখিছে । উল্লেখযোগ্য যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলঙলৈ স্থায়ী শান্তি আনিবৰ বাবে স্বাক্ষৰ কৰিবলৈ লোৱা কাৰ্বি চুক্তিক নগা বিদ্ৰোহী সংগঠন এন এছ চি এন মুইভা গোট , নগা ষ্টুডেণ্ট ফেডাৰচন আৰু শেহতীয়াকৈ নগা হোহোৱে কৰা এই প্ৰবল আপত্তিয়ে কেনেধৰণৰ প্ৰভাৱ পেলাব সেয়া নিশ্চয় লক্ষনীয় হ'ব ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in