স্বাক্ষৰিত হ’ল ‘কাৰ্বি চুক্তি’ : ১০০০ কোটিৰ আৰ্থিক পেকেজ, পৰিষদৰ আসন সংৰক্ষণ আৰু সংখ্য বৃদ্ধি…

স্বাক্ষৰিত হ’ল ‘কাৰ্বি চুক্তি’ : ১০০০ কোটিৰ আৰ্থিক পেকেজ, পৰিষদৰ আসন সংৰক্ষণ আৰু সংখ্য বৃদ্ধি…
  • দিল্লীত স্বাক্ষৰিত হ'ল কাৰ্বি পাহাৰৰ চাৰি বিদ্ৰোহী সংগঠনৰ সৈতে 'কাৰ্বি শান্তি চুক্তি'।
  • গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতি এই শান্তি চুক্তিত স্বাক্ষৰ কৰিলে বিদ্ৰোহী সংগঠন কেইটাই।
  • এই চুক্তি স্বাক্ষৰিত অনুষ্ঠানত উপস্থিত আছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী তুলিৰাম ৰংহাং।
  • চুক্তি স্বাক্ষৰিত কৰা বিদ্ৰোহী সংগঠন কেইটা ক্ৰমে কে পি এল টিৰ তিনিটা গোট, ইউ জি এল এ, কে এল এন এফ আৰু পি ডি চি কে।
  • এই চুক্তি অনুসৰি বিদ্ৰোহী সংগঠন কেইটাই তেওঁলোকৰ হাতত থকা অস্ত্ৰসমূহ চৰকাৰক জমা দিব।
  • মুখ্যমন্ত্ৰীয়ে এই চুক্তিক আখ্যা দিলে ঐতিহাসিক ।
  • এই চুক্তি অনুসৰি সংগঠন কেইটাই মূল সুঁতিলৈ ঘূৰি আহিব।
  • কাৰ্বি চুক্তি অনুসৰি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সদস্যৰ সংখ্যা ৫০ লৈ বৃদ্ধি কৰা হ'ব।
  • ইয়াৰে ৬জনক ৰাজ্য পালে মনোনিত কৰিব আৰু ৪৪ জনক নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচিত হ'ব।
  • ১০ খন আসন সকলোৰে বাবে মুকলি থাকিব আৰু ৩৪ খন আসন এছ চিৰ বাবে সংৰক্ষিত হ'ব।
  • পূৰ্বে পাহাৰীয়া স্বায়ত্বশাসিত পৰিষদ সমূহৰ বাবে আসনসমূহ সংৰক্ষিত নাছিল।
  • কাৰ্বি চুক্তি অনুসৰি এছ চি সকলৰ বাবে আসন সংৰক্ষিত হোৱাৰ ফলত ই ঐতিহাসিক হিচাপে পৰিগণিত হ'ব।
  • কাৰ্বি আংলং জিলাৰ বিকাশৰ বাবে ১০০০ কোটি টকাৰ অৰ্থনৈতিক পেকেজ ঘোষণা।
  • ৫০০ কোটিৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে আৰু ৫০০ কোটিৰ দায়িত্ব ৰাজ্য চৰকাৰে বহন কৰিব।
  • ৫ বছৰত প্ৰতিবছৰ ২০০ কোটি কৈ প্ৰদান কৰা হ'ব।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত এইখন তৃতীয়খন শান্তি চুক্তি।
  • এই শান্তি চুক্তি সমূহে অসমত বিকাশ আৰু প্ৰগতিৰ নতুন ধাৰা সৃষ্টি কৰিব।
  • এই মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • আনহাতে কুকি বিদ্ৰোহী সংগঠনেও শান্তি প্ৰক্ৰিয়াৰ বাবে সাজু হৈছে।
  • সংগঠনটোৰ সদস্যসকলে আত্মসমৰ্পন কৰিছে।
  • আলফাৰ সৈতেও শান্তি চুক্তিৰ বাবে প্ৰচেষ্টা চলি আছে বুলিও উল্লেখ মুখ্যমন্ত্ৰীৰ।
  • পৰেশ বৰুৱাৰ লগত অনানুষ্ঠানিক সম্পৰ্ক বজাই ৰখা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in