কাৰ্বি পাহাৰত সন্ধান পোৱা গৈছে দুষ্প্ৰাপ্য আৰু মূল্যবান প্লেটিনামৰ

কাৰ্বি পাহাৰত সন্ধান পোৱা গৈছে দুষ্প্ৰাপ্য আৰু মূল্যবান প্লেটিনামৰ

কাৰ্বি পাহাৰত সন্ধান পোৱা গৈছে দুষ্প্ৰাপ্য প্লেটিনামৰ। এই সন্দৰ্ভত মৃদুল কুমাৰ সন্দিকৈৰ এক প্ৰতিবেদন।

কাৰ্বি পাহাৰ, প্ৰকৃতিৰ ৰম্য ভূমি।ভৰি আছে প্ৰাকৃতিক সম্পদেৰে। এই সিংহাসন পাহাৰতে সন্ধান পোৱা গৈছে বিশ্বৰ দুষ্প্ৰাপ্য আৰু মূল্যবান ধাতু প্লেটিনামৰ। ইমান দিনে এই কথা কোনেও জনা নাছিল। অসমৰ এজন বিজ্ঞানীয়ে শেহতীয়াকৈ কাৰ্বি পাহাৰত প্লেটিনামৰ উপস্থিতি ধৰা পেলাইছে। এয়া এক বিৰল আৱিষ্কাৰ। দীৰ্ঘদিনৰ গৱেষণাৰ অন্তত কাৰ্বি পাহাৰত এই মূল্যবান ধাতুৰ সন্ধান উলিয়াইছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্কুল অৱ আৰ্ট, এটম'স্ফিয়েৰ ছায়েন্স, এনভাইৰ'মেণ্ট এণ্ড এনাৰ্জীৰ ডীন দিলীপ মজুমদাৰে।

গৱেষকজনৰ নেতৃত্ব যোৱা এটা দলে জানুৱাৰী মাহতেই স্থানীয় লোকৰ সহযোগত গৈছিল কাৰ্বি পাহাৰলৈ। ২৭ জানুৱাৰীত তালৈ গৈ সংগ্ৰহ কৰিছিল কিছু নমুনা। সেই নমুনাসমূহ স্কেনিক ইলেক্ট্ৰন মাইক্ৰ'স্কপ আৰু এক্সৰে পাউডাৰ ডিফেক্সন টেকনিকৰ আধাৰত বিশ্লেষণ কৰি এই উপস্থিতি ধৰা পেলাবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে, বছৰি বিশ্বত মাত্ৰ কেইশ টন মানহে প্লেটিনাম উৎপন্ন হয়। কেমিকেল এলিমেণ্ট, যাৰ বৈজ্ঞানিক সংকেত 'pt'। এই মৌলবিধৰ এটমিক নম্বৰ ৭৮। স্পেনিছ শব্দ প্লেটিন'ৰ পৰা প্লেটিনাম নাম ৰখোৱা এই মৌল বিধৰ নামৰ অৰ্থ হ'ল 'লিটিল ছিলভাৰ'। প্ৰকৃতিগতভাৱে আইছ'টপ ৰূপত হোৱা প্লেটিনামক ন'ভেল মৌলৰূপেও জনা যায়। পেট'লাইটিক কনভাৰ্টছ লেবৰেটৰী যন্ত্ৰপাতি, ইলেক্ট্ৰিক কনট্ৰেক্ট, ইলেক্ট্ৰডছ, জুৱেলাৰী আদিত ব্যৱহাৰ কৰা হয় প্লেটিনাম।

কাৰ্বি পাহাৰ, প্ৰকৃতিৰ আধাৰ। বিভিন্ন ধৰণৰ চূণ-শিল, গ্ৰেণাইড আদিৰ ভাণ্ডাৰ এই পাহাৰবোৰ। বিচিত্ৰ চৰিত্ৰৰ এই পাহাৰত প্লেটিনামৰ অৱস্থিতি ধৰা পৰাৰ ঘটনাই ৰাষ্ট্ৰজুৰি চৰ্চা লাভ কৰিছে। একাডেমীক গৱেষণাত এই মৌলবিধৰ আৱিষ্কাৰ হোৱাৰ পাছত ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ব্যৱসায়িক দৃষ্টিভংগীৰে তাৰ অস্তিত্ব  সন্দৰ্ভত আৰু অধিক বিতং গৱেষণাৰ প্ৰয়োজন আছে। এই সন্দৰ্ভত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ যাৱতীয় প্ৰতিবেদন পঠাইছে গৱেষক দিলীপ মজুমদাৰে। ইয়াৰ বাবে তেওঁ যথেষ্ট কষ্ট কৰাৰ লগতে নীৰৱে গৱেষণা অব্যাহত ৰাখিছে।

ইতিমধ্যে তেওঁ এই সন্দৰ্ভত গৱেষণা পত্ৰও প্ৰস্তুত কৰিছে। সেইবোৰ প্ৰকাশ হ'লেই অধিক তথ্য পোহৰলৈ আহিব। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কে বিষয়টো সন্দৰ্ভত তেখেতৰ সৈতে যোগাযোগ কৰিছিল। প্লেটিনামৰ আৱিষ্কাৰ কেনেদৰে তেওঁ কৰিলে বা কি ধৰণে এই গৱেষণা আগবাঢ়িছিল সেই সন্দৰ্ভত গৱেষক দিলীপ মজুমদাৰৰ সৈতে হোৱা কথোপকথনৰ সম্পাদিত ৰূপ-

'অসমীয়া প্ৰতিদিন' ডিজিটেল ডেস্কঃ নমস্কাৰ। কাৰ্বি পাহাৰত প্লেটিনামৰ অস্তিত্ব ধৰা পৰিছে। সেয়া কিমান সঁচা?

দিলীপ মজুমদাৰঃ এয়া সঁচা। প্ৰাথমিক অনুসন্ধানত আমি কাৰ্বি পাহাৰত প্লেটিনামৰ অস্তিত্ব ধৰা পেলাবলৈ সক্ষম হৈছো।

'অসমীয়া প্ৰতিদিন' ডিজিটেল ডেস্কঃ কি ধৰণৰ পদ্ধতিৰে এই অস্তিত্ব ধৰা পেলোৱা হৈছিল?

দিলীপ মজুমদাৰঃ আমি এই পৰীক্ষাত স্কেনিং ইলেক্ট্ৰন মাইক্ৰ'স্কপ আৰু এক্সৰেয় পাউডাৰ ডিফ্ৰেকশ্যন টেকনিক ব্যৱহাৰ কৰিছিলো।

'অসমীয়া প্ৰতিদিন' ডিজিটেল ডেস্কঃ কিমান দিনৰ পৰা আপোনালোকৰ এই গৱেষণা চলি আছিল?

দিলীপ মজুমদাৰঃ জানুৱাৰীৰ পৰা আমি এই গৱেষণাৰ কাম আৰম্ভ কৰিছিলো। বিভিন্ন স্থানৰ পৰা নমুনা সংগ্ৰহ কৰিছিলো। কিন্তু খালী চকুৰে সেইবোৰ দেখা পোৱাটো সম্ভৱ নহয়। সেয়ে আমি বিশ্ববিদ্যালয়ত তাৰ পৰা সংগ্ৰহ কৰা নমুনাৰ পৰীক্ষা কৰি তাত প্লেটিনামৰ উপস্থিতি ধৰা পেলাইছিলো।

'অসমীয়া প্ৰতিদিন' ডিজিটেল ডেস্কঃ তাত কিমান পৰিমাণৰ প্লেটিনাম আছে বুলি ধাৰণা কৰা হৈছে?

দিলীপ মজুমদাৰঃ তাত প্লেটিনাম আছে, সেই কথাই ইমান দিনে কোনেও কোৱা নাছিল। আমি সেই অস্তিত্ব ধৰা পেলাইছো। বিভিন্ন স্থানত বিভিন্ন পৰিমাণৰ প্লেটিনাম থাকিব পাৰে। কেৱল সংগ্ৰহ কৰা নমুনাৰ আধাৰত সেইটো কোৱা সম্ভৱ নহয়। কিন্তু ইয়াৰ বাবে পৰৱৰ্তী অধ্যয়নৰ প্ৰয়োজন হ'ব।

'অসমীয়া প্ৰতিদিন' ডিজিটেল ডেস্কঃ প্লেটিনামৰ অস্তিত্ব ধৰা পৰাৰ পাছত পৰৱৰ্তী পদক্ষেপ কি হ'ব?

দিলীপ মজুমদাৰঃ ইয়াৰ বাবে আমি বিভিন্ন জনৰ সৈতে যোগাযোগ কৰিছো। ৰিমৰ্ট ছেন্সিং টেকনল'জীৰ ব্যৱহাৰৰ জৰিয়তে ইয়াৰ অধ্যয়ন সম্ভৱ। এইধৰণৰ উন্নত তথ্য-প্ৰযুক্তিৰে পৰৱৰ্তী অধ্যয়নৰ আমি প্ৰস্তুত কৰিছো। চৰকাৰে যদি সহযোগ কৰে তেন্তে আমি এই দিশত আগবাঢ়ি যাব পাৰিম।

'অসমীয়া প্ৰতিদিন' ডিজিটেল ডেস্কঃ প্লেটিনামৰ উপৰিও আন কি মৌলৰ অৱস্থিতি ধৰা পৰিছে তাত?

দিলীপ মজুমদাৰঃ এই প্ৰক্ৰিয়া বৰ খৰচী প্ৰক্ৰিয়া। সাধাৰণতে যিবোৰ মডেলৰ জৰিয়তে এই অধ্যনয় চলে, সেই মডেলবোৰ সলনি কৰি নিজাকৈ এই অধ্যয়ন চলোৱা হৈছিল। চৰকাৰৰ উদ্যোগত যি গৱেষণা চলি থাকে সেইবোৰত ধনৰ অভাৱ নহয়। কিন্তু আমি একাডেমীক দৃষ্টিৰে এই অধ্যয়ন চলাও। গতিকে তাত কিছু সীমাৱদ্ধতা থাকে। সেই ঠাইত আইৰণ, ভেনাডিয়াম, টাইটেনিয়াম আদি মৌলৰ উপস্থিতিও ধৰা পৰিছে।

'অসমীয়া প্ৰতিদিন' ডিজিটেল ডেস্কঃ ইমান দিনে তাত ভূতত্ত্ব বিভাগৰ আন যিবোৰ গৱেষণৰ বিভাগ আছে সেইবোৰে এই অস্তিত্বৰ ধৰা পেলাব পৰা নাছিল কিয়?

দিলীপ মজুমদাৰঃ তেওঁলোকে এটা মডেলকে খামুচি ধৰি থাকে। আমি নতুন দৃষ্টিভংগীৰে এই কামখিনি আগুৱাই লৈ গৈছিলো। এটা এটা নমুনা পৰীক্ষাৰ বাবদ আমাৰ ২ লাখ টকা খৰচ হৈছে। আমি তাত প্লেটিনামৰ অস্তিত্ব ধৰা পেলাইছো। বাকীখিনি অধ্যয়নত আমাক সহযোগ কৰিলে সেই কামত আগবাঢ়ি যোৱাত বাধা নাথাকে।

'অসমীয়া প্ৰতিদিন' ডিজিটেল ডেস্কঃ এই খবৰে এতিয়া দেশজুৰি তোলপাৰ লগাইছে।

দিলীপ মজুমদাৰঃ খবৰে যেনেদৰে তোলপাৰ লগাইছে, তেনেদৰে যথেষ্ট চৰ্চা হৈছে। বিভিন্ন কথাক লৈ মানুহে তুচ্চ-তাচ্চিল্য কৰিছে। কিন্তু তেওঁলোকে কাম কৰা নাছিল। এতিয়া কোনোবাই আন্তৰিকতাৰে সেই কাম কৰা দেখি বেয়া পাইছে। এনে কথাত অলপ হতাশো হৈছো।

'অসমীয়া প্ৰতিদিন' ডিজিটেল ডেস্কঃ কাৰ্বি পাহাৰৰ আচলতে কোনো স্থানৰ পৰা আপোনালোকে প্লেটিনামৰ অৱস্থিতি ধৰা পেলোৱা নমুনা সংগ্ৰহ কৰিছিল?

দিলীপ মজুমদাৰঃ এই সন্দৰ্ভত এতিয়াই একো নকওঁ। নিৰাপত্তাৰ কথাও আছে। ইতিমধ্যে এনে মন্তব্যও কৰিছে যে- 'প্লেটিনাম আৱিষ্কাৰ কৰিলি ভাল হ'ল এতিয়া বাকীখিনি আমি কৰিম।' গতিকে বুজিছেই নহয়।

'অসমীয়া প্ৰতিদিন' ডিজিটেল ডেস্কঃ পৰৱৰ্তী সময়ত উন্নত পৰীক্ষাৰ বাবে এই নমুনা ক'ৰবালৈ পঠাব নেকি?

দিলীপ মজুমদাৰঃ চৰকাৰী পৃষ্ঠপোষকতা বা কোনোবা আগবাঢ়ি আহিলে সেই কাম কৰিব পৰা যাব। কিন্তু ব্যক্তিগতভাৱে এই পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা ধন ব্যয় কৰিব পৰা নাযায়। গতিকে উদ্যোগ লাগিব।

'অসমীয়া প্ৰতিদিন' ডিজিটেল ডেস্কঃ প্লেটিনাম আৱিষ্কাৰ হোৱাৰ পাছত কাৰ্বি পাহাৰলৈ কি ধৰণৰ পৰিৱৰ্তন আহিব বুলি ভাৱে?

দিলীপ মজুমদাৰঃ ই এটা মূল্যবান ধাতু। স্বাভাৱিকতে ইয়াৰ প্ৰভাৱ কাৰ্বি পাহাৰৰ দুখীয়া লোকসকলৰ জীৱন প্ৰণালীত পৰিব। সেই স্থানত প্লেটিনাম নিষ্কাষণ হ'লে স্থানীয় লোকসকলৰ সুবিধা হ'ব, উন্নয়ন হ'ব।

'অসমীয়া প্ৰতিদিন' ডিজিটেল ডেস্কঃ ধন্যবাদ।

এয়া আছিল প্লেটিনাম আৱিষ্কাৰৰ সৈতে জড়িত দিলীপ মজুমদাৰৰ সৈতে হোৱা আমাৰ কথোপকথন। উল্লেখযোগ্য যে, ভাৰতীয় বজাৰত এক গ্ৰাম প্লেটিনামৰ মূল্য ১৯৫৮ টকা। অৰ্থাৎ ১ কেজি প্লেটিনামৰ মূল্য প্ৰায় ২০ লাখ টকা। এই মূল্যবান প্লেটিনামৰ আৱিষ্কাৰৰ খবৰ ৰাজ্যবাসীয়ে গুৰুত্ব নিদিলেও দেশৰ আন প্ৰান্তত ই এক ডাঙৰ খবৰ ৰূপে চৰ্চা লাভ কৰিছে। ভাৰতৰ ওড়িশ্যাৰ বাৱলা নাওছাহী, কৰ্ণাটকৰ হানুমাল্লাপোৰা, তামিলনাডুৰ চিতামপুণ্ডী, মেটুপালিয়ামত প্লেটিনামৰ সন্ধান পোৱা গৈছে। তাৰ পাছত কাৰ্বি পাহাৰত এই মৌলবিধৰ উপস্থিতিৰ খবৰ অতি গুৰুত্বপূৰ্ণ।

ৰাজ্যৰ খনিজাত সামগ্ৰীৰ দায়িত্বত থকা মন্ত্ৰী চুমু ৰংহাঙে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে- এই খবৰ ৰাজ্য আৰু কাৰ্বি পাহাৰৰ বাবে এক ভাল খবৰ। লক্ষণীয় যে, টেলিকমিউনিকেশ্যন, ঔষধ, জুৱেলাৰী, হাইটেক লেবৰেটৰী নিৰ্মাণতপ্লেটিনাম ব্যৱহাৰ কৰা হয়। এই দুষ্প্ৰাপ্য এলুমিনিয়ামৰ সন্ধান পোৱাৰ পাছত ইয়াৰ নিষ্কাষণ তথা পৰৱৰ্তী অধ্যনয়ৰ বাবে চৰকাৰে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in