জাতীয় পতাকাক অপমান! বিজেপি কাৰ্যালয়ত অংকন কৰা পতাকা গচকিলে একাংশ নেতা-কৰ্মীয়ে, চাওক VIDEO…

জাতীয় পতাকাক অপমান!  বিজেপি  কাৰ্যালয়ত অংকন কৰা পতাকা গচকিলে একাংশ নেতা-কৰ্মীয়ে, চাওক VIDEO…

ডিজিটেল সংবাদ,হামৰেণঃ সমগ্ৰ দেশৰ লগতে পশ্চিম কাৰ্বি আংলঙতো উলহ-মালহেৰে জিলাবাসীয়ে বিভিন্ন স্থানত উদযাপন কৰিছিল দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস। সকলোতে অতি গৌৰৱেৰে আৰু সন্মানসহকাৰে উত্তোলন কৰিছিল তিনি বৰণীয়া আমাৰ জাতীয় পতাকাখন। তেনে সময়তে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত সংঘটিত হল এক নাভূত নাশ্ৰুত কাণ্ড।

স্বাধীনতা দিৱসত পতাকাক গচকি জাতীয় পতাকা উত্তোলন কৰিলে একাংশ বিজেপি নেতাকৰ্মীয়ে। ফলত জাতীয় পতাকাৰ এনে অপমানক কেন্দ্ৰ কৰি কাৰ্বি পাহাৰত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। জাতীয় পতাকাখনক সন্মান জনোৱাৰ বিপৰীতে সম্পূৰ্ণ এক বিপৰীত ছবি দেখিবলৈ পোৱা গ'ল খেৰণিস্থিত বিজেপি আমৰেঙ মণ্ডল সমিতিৰ কাৰ্যালয়ত।

৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ লক্ষ্যৰে পতাকা উত্তোলন কৰিবলৈ গৈ বিজেপিৰ একাংশ নেতাকৰ্মীয়ে অংকন কৰা জাতীয় পতাকাক গচকি স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ দৃশ্য পোহৰলৈ অহাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল পাহাৰীয়া জিলাখনত ৷

জাতীয় পতাকাক অপমান কৰা উক্ত দুৰ্ভাগ্যজনক ঘটনাৰ নিৰপেক্ষ তদন্ত কৰাৰ লগতে এই কাণ্ডত জড়িত থকা সকলৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আৰক্ষী প্ৰশাসন আৰু পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্তক দাবী জনাইছে একাংশ কংগ্ৰেছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in