বিদ্যুৎ পৰিষদৰ বিকাশ নে বিনাশৰ অভিযানত ব্যস্ত অধ্যক্ষ পিপাৰচেনিয়া, এম ডি কল্যাণী বৰুৱা, অ’ এছ ডি অমল মিত্ৰ?

বিদ্যুৎ পৰিষদৰ বিকাশ নে বিনাশৰ অভিযানত ব্যস্ত অধ্যক্ষ পিপাৰচেনিয়া, এম ডি কল্যাণী বৰুৱা, অ’ এছ ডি অমল মিত্ৰ?

ডিজিটেল ডেস্কঃ মুখ্যসচিবৰ পদত ম্যাদ বৃদ্ধিৰ ক্ষেত্ৰত সফল নহ'লেও, অৱসৰৰ পাছত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ গুৰুত্বপূৰ্ণ অধ্যক্ষ পদত অধিষ্ঠিত হ'ল বহু চৰ্চিত ভি কে পিপাৰচেনিয়া। দেখাত অতিকৈ কৰ্মথ ব্যক্তি যেন লগা এইগৰাকী জ্যেষ্ঠ আই এ এছৰ নেতৃত্বত সকলোৱে আশা কৰিছিল যে তেওঁ অসমৰ দেৱলীয়া বিদ্যুৎ খণ্ডলৈ এক পৰিৱৰ্তন আনিব। ইয়াৰ নামত যোৱা সময়চোৱাত তেওঁ পৰিৱৰ্তনৰ নমুনা নেদেখুৱাকৈও থকা নাই।

তিনিটাকৈ কোম্পানীত বিভাজিত বিদ্যুৎ পৰিষদৰ এ পি জি চি এল, এ ই জি চি এল আৰু এ পি ডি চি এলৰ পৰিচালন বৰ্ডৰ সভা তেওঁ অধ্যক্ষ হোৱাৰ পিছৰে পৰা সময়ে সময়ে পৰ্যটনস্থলীত অনুষ্ঠিত কৰাৰ জৰিয়তেই পৰিৱৰ্তনৰ অভিযান আৰম্ভ কৰিছে। আন এক পৰিৱৰ্তন হ'ল- প্ৰতিটো কোম্পানীৰ পৰিচালন বৰ্ডৰ ৯গৰাকী সদস্যৰ ভিতৰৰে ৩গৰাকী অকাৰিকৰী ৰাজনৈতিক প্ৰভাৱশালী ব্যক্তিক অন্তৰ্ভুক্ত কৰাৰ লগতে চৰকাৰক প্ৰতিনিধিত্ব কৰা আন তিনিগৰাকীও অকাৰিকৰী ব্যক্তি নিয়োগ কৰা হৈছে। অৰ্থাৎ কাৰিকৰী দক্ষতা সম্পন্ন ব্যক্তিৰ সংখ্যা কোম্পানী কেইটাত ক্ৰমান্বয়ে হ্ৰাস পাবলৈ আৰম্ভ কৰিছে।

ইফালে, বৰ্ডৰ সভা বাহিৰত অনুষ্ঠিত কৰি প্ৰকল্পসমূহক অধিক কাৰ্যক্ষম কৰাৰ নামত অনুষ্ঠিত হ'বলৈ লৈছে প্ৰমোদ বিহাৰ। ইয়াৰ শেহতীয়া উদাহৰণ হ'ল- যোৱা ৭ জুন তাৰিখে কাৰ্বি লাংপিৰ প্ৰকল্পস্থলীৰ অতিথিশালাত অনুষ্ঠিত হোৱা বৰ্ড অৱ ডায়ৰেক্টৰ্ছৰ সভা। সেইদিনা পুৱাৰ ভাগতে সদল বলে অধ্যক্ষ পিপাৰচেনিয়া আৰু এ পি জি চি এলৰ পৰিচালন সঞ্চালক কল্যাণী বৰুৱা তথা তেওঁৰ অ' এছ ডি অমল মিত্ৰ, সঞ্চালন বৰ্ডৰ সদস্য শংকৰ দাসসহ এ পি জি চি এলৰ অন্যান্য বিষয়াবৰ্গক লৈ কাৰ্বি লাংপি প্ৰকল্পত উপস্থিত হয়।

কিছুসময় অতিথিশালাত আলোচনাৰ পাছতেই সদলবলে তেওঁ প্ৰকল্পৰ পাৱাৰ হাউছত উপস্থিত হৈ পাৱাৰ হাউছৰ কাৰিকৰী দিশৰ বুজ লোৱাৰ লগতে সেই মুহূ্ৰ্তত হৈ থকা প্ৰকল্পৰ উৎপাদনৰো খবৰ লয়। তেওঁ উপস্থিত হোৱাৰ মুহূ্ৰ্তত প্ৰকল্পৰ মহাপ্ৰবন্ধকগৰাকীয়ে সেই মুহূৰ্তত অতি গৰ্বৰে প্ৰকাশ কৰে যে- এই সময়ত ৪৩ মেগাৱাট বিদ্যুৎ আমাৰ উৎপাদন হৈ আছে। কিন্তু এই কথা লুকুৱাই ৰাখে যে সেই দিনা পুৱা ৮ বজা পৰ্যন্ত ১ মেগাৱাটো বিদ্যুৎ উৎপাদন হোৱা নাছিল। পিছদিনাৰ বৰ্ড অৱ ডায়ৰেক্টৰ্ছৰ সভাৰ প্ৰতি লক্ষ্য ৰাখি নিশা ৮ বজালৈ যেনে তেনে এয়া ৪৯.৭১ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হৈছিল।

আনহাতে, ৮জুনৰ নিশাও যিহেতু সঞ্চালক মণ্ডলীসহ বিষয়াবৰ্গ তাত উপস্থিত থাকিব সেয়ে ৭ জুনৰ নিশা ৮৫ মেগাৱাটলৈ উৎপাদন বৃদ্ধি কৰি প্ৰকল্পৰ সক্ষমতা দেখুওৱাৰ পাছত ৮ জুনৰ পুৱালৈকে সেয়া অব্যাহত ৰাখে যদিও, এই প্ৰতিবেদক ৮ জুনৰ দুপৰীয়া ১১ বজাত প্ৰকল্পস্থলীত উপস্থিত হয় সেই সময়ত টাৰ্বাইনক জিৰণি দিয়াৰ অজুহাতত এয়া বন্ধ কৰি থোৱা হয়। ইয়াৰ কাৰণ বিচাৰি প্ৰকল্পৰ বান্ধ তথা টানেলৰথলী পৰিদৰ্শন কৰোতে তাত থকা কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষী কেইগৰাকীক ডেমৰ সংলগ্ন কেবিনত তাছপাত খেলি থকা দেখা গৈছিল।

অচিন ব্যক্তিক দেখা পাই অৱশ্যে তাছপাত সামৰি ইফাল সিফালকৈ আঁতৰি যাব বিচাৰোতে তেওঁলোক এনেদৰে বহি থকাৰ কাৰণ সোধাত এজন সাধাৰণ কৰ্মচাৰীয়ে ক'লে- 'গেছ হোৱাৰ কাৰণে মেচিন বন্ধ আছে। সেইবাবে টানেলৰ পইণ্টতো আমাৰ কোনো কাম নাই এতিয়া। সেয়েহে সময় কটাবলৈ অলপমান তাছপাতকে খেলিছো।' আনহাতে ডেমত বন্ধ হৈ থকা শ্লুইছ গেটৰ ফাঁকেৰে পানী বৈ থকা অৱস্থাটোলৈ আঙুলিয়াই এনেদৰে পানী বৈ থাকিলে গেটখন নাভাগিবনে বুলি সোধাত আন এজনে ক'লে- 'একো নহয়, এইটো অলপ বাঢ়িব। কিন্তু খৰালিৰ আগতে মেৰামতিটো সম্ভৱ নহ'ব।'

অৱশ্যে সাধাৰণ কৰ্মচাৰী কেইগৰাকীক তাতকৈ অধিক সোধা বা তেওঁলোকৰ পৰা অধিক জনাৰ উপায়ো নাছিল। সেয়েহে ডেমলৈ থকা জৰাজীৰ্ণ পথটোৰে কোনোমতে গাড়ীখন লৈ আমি উভতি আহিছিলো। পাৱাৰ হাউছৰ পৰা টানেল পইণ্টলৈ পথচোৱা অতি সুন্দৰ অৱস্থাত থকাটো অতিকৈ দৰকাৰী যদিও, কিয় ইমান জৰাজীৰ্ণ অৱস্থাত আছে অথবা সেই স্থানলৈ সঞ্চালক কৰ্তৃপক্ষৰ অধ্যক্ষগৰাকীক কিয় নিয়া নহ'ল তাৰ উত্তৰো এ পি জি চি এলৰ সপ্ৰতিভ পৰিচালন সঞ্চালক বা তেওঁৰ অ' এছ ডি মিত্ৰইহে দিব পাৰিব।

একেদৰে অধ্যক্ষ পিপাৰচেনিয়া তথা পৰিচালন বৰ্ডৰ সদস্যসকলৰ মনোৰঞ্জনৰ বাবেও ৮ জুনৰ নিশা অতিথিশালাৰ চৌহদত প্ৰকল্পৰ প্ৰবন্ধকগৰাকীয়ে বিশেষভাৱে আটোমটোকাৰি মণ্ডপ আৰু কম পোহৰৰ নিয়'ন লাইটৰ মাজত এচাম শিল্পীক মাতি আনি সাংস্কৃতিক অনুষ্ঠানৰ লগতে তেওঁলোকৰ আপ্যায়নৰ বাবে বিশেষ 'বৰাখানা'ৰ আয়োজন কৰিছিল তেওঁৱেই প্ৰকল্পস্থলীলৈ অহা-যোৱা কৰা বাট-পথ উন্নয়নৰ ব্যৱস্থা কিয় এতিয়াও কৰোৱা নাই অথবা এ পি জি চি এলৰ পৰিচালন সঞ্চালকগৰাকীয়ে কিয় এই কথা নাজানে সেয়া আন এক ৰহস্যৰ বিষয়।

এনে প্ৰেক্ষাপটতে কাৰ্বি লাংপি প্ৰকল্পস্থলীত পৰিচালন কৰ্তৃপক্ষৰ বৈঠকৰ নামত দৰাচলতে তেওঁলোক প্ৰমোদ ভ্ৰমণ আৰু মনোৰঞ্জনৰ অনুষ্ঠানৰ বাবে গৈছিল নে প্ৰকল্পটোৰ উন্নয়নৰ বাবে গৈছিল সেই বিষয়েও বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে। সংবাদমাধ্যমৰ আগত অধ্যক্ষ পিপাৰচেনিয়াই কৈছিল যে- কাৰ্বি আংলঙত বিদ্যুৎ খণ্ডৰ বিকাশৰ বহু সম্ভাৱনা আছে। সেই বিষয়ে বহু পদক্ষেপ হাতত লোৱা হৈছে আৰু প্ৰথমবাৰলৈ এনে আগ্ৰহৰ বাবেই ইয়াত পৰিচালন বৰ্ডৰ সভা অনুষ্ঠিত কৰিছো। কিন্তু সাংবাদিকক তেওঁ এই কথা নজনালে যে- কাহানিবাই পৰিকল্পনা কৰি থোৱা কাৰ্বি লাংপি প্ৰকল্পৰে বৰপানী ষ্টেজ-২ প্ৰকল্পৰ নিৰ্মাণৰ বাবে ইমান দিনে কিয় পদক্ষেপ গ্ৰহণ কৰা নহ'ল।

বিভাগীয় এক সূত্ৰৰ খবৰ মতে, প্ৰকৃততে খোদ অধ্যক্ষ পিপাৰচেনিয়া আৰু এ পি জি চি এলৰ পৰিচালন সঞ্চালিকা কল্যাণী বৰুৱাৰ পৃষ্ঠপোষকতাতেই এই প্ৰকল্পৰ উপৰি আৰু দুটা মান প্ৰকল্পৰ নিৰ্মাণ তথা পৰিচালনাৰ দায়িত্ব ব্যক্তিগত কোম্পানীক দিয়াৰ বাবে অতি সন্তৰ্পণে প্ৰস্তুতি চলাই থকা হৈছে। আৰু তাৰেই প্ৰাৰম্ভিক প্ৰক্ৰিয়া ৮ জুন তাৰিখে কাৰ্বি লংপি প্ৰকল্পস্থলীত আৰম্ভ হৈছে। অতিকৈ পৰিতাপৰ বিষয় যে- এই প্ৰকল্পটোৱে উৎপাদন আৰম্ভ কৰাৰ সময়ত বৃহত্তৰ বৈঠালাংছু এলেকাৰ ৰাইজক বিনামূলীয়া বিদ্যুৎ যোগান ধৰাৰ লগতে চি এছ আৰৰ শিতানত বাধ্যতামূলকভাৱে অঞ্চলটোৰ বিকাশৰ বাবে ব্যয় কৰিব লগা ধন নিয়মীয়াকৈ ব্যৱহাৰ কৰি বাট-পথৰ উন্নয়নৰ লগতে অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানৰ উন্নয়ন সাধন কৰিব।

কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে- নিৰ্বাচনৰ পূৰ্বে উক্ত প্ৰকল্পই ৰাজ্যিক শক্তি মন্ত্ৰী তথা লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তপন গগৈৰ সমষ্টিত উন্নয়নৰ বাবে বহু লাখটকীয়া আঁচনি ৰূপায়ন কৰিলেও, প্ৰকল্পৰ পৰা আমছৈলৈ পথটোৰ নিৰ্মাণৰে ব্যৱস্থা কৰিব নোৱাৰিলে। এনে কাৰ্যৰ বাবে স্বাভাৱিকতে পূব কাৰ্বি আংলঙৰ ৰাইজ বিদ্যুৎ পৰিষদ তথা কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in