কাৰ্বি ভূমিত অজনজাতিৰ পট্টা বাতিলৰ দাবীৰে পোষ্টাৰিং

কাৰ্বি ভূমিত অজনজাতিৰ পট্টা বাতিলৰ দাবীৰে পোষ্টাৰিং

জিজিটেল সংবাদ, ডিফুঃ কাৰ্বিআংলঙৰ জিলাৰ ডিফুত ভূমি পট্টা লাভ কৰা অজনজাতি লোকসকলৰ বিৰুদ্ধে দেওবাৰে সৰৱ হোৱা পৰিলক্ষিত হয় কাৰ্বি ছাত্র সন্থাক। অজনজাতি লোকসকলে কাৰ্বিভূমিত ভূমি পট্টা লাভ কৰা কাৰ্যক কোনো পধ্যেই গ্রহণযোগ্য নহয় বুলি মন্তব্য সংগঠনটোৰ।

দেওবাৰে এই বিষয়ক লৈ সমগ্র ডিফু চহৰত কেইবাটাও দাবী সম্বলিত পোষ্টাৰেৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। এই প্ৰতিবাদকালতে অজনজাতিৰ হৈও ভূমি পট্টা লাভ কৰা ২১জনকৈ ব্যক্তিৰ তালিকা প্ৰকাশ কৰি দেৱালত আঁৰি প্ৰতিবাদ সাব্যস্ত কৰে কাৰ্বি ছাত্র সন্থাই।

এই পৰিস্থিতিৰ বাবে পাৰ্বত্যভূমিৰ অজনজাতিৰ লোকসকল শংকতত পৰা দেখা যায়। পোষ্টাৰিঙৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰা সংগঠনটোৱে দেওবাৰে চৰকাৰৰ বিৰুদ্ধে কেইবাটাও দাবী উত্থাপন কৰে। অজনজাতিৰ লোকসকলক ভূমি পট্টা প্ৰদান কৰা বিষয়াসকলকো চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী কাৰ্বি ছাত্র সন্থাৰ।

ইতিমধ্যে যিসকল অজনজাতিৰ লোকে ভূমি পট্টা লাভ কৰিছে তেওঁলোকৰ পট্টাসমূহ বাতিল কৰাৰ লগতে পূৰ্বৰ বিষয়াসকলক চাকৰিৰ বৰ্খাস্ত কৰি পট্টাসমূহ পুনৰীক্ষণৰ ব্যৱস্থা কৰাৰ দাবী তোলে সংগঠনটোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in