কাৰ্বি আংলং আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ৩ গড় চিকাৰী, একে৮১ ৰাইফল জব্দ..

কাৰ্বি আংলং আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ৩ গড় চিকাৰী, একে৮১ ৰাইফল জব্দ..

ডিজিটেল সংবাদ,বোকাজান: কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সাফল্য।আজি কেইবাহমাহ ধৰি অভিযান চলাই থকা কাজিৰঙাত ৫ টা গড় হত্যাত জড়িত মণিপুৰ চুৰাচান্দপুৰৰ ৩ গৰাকী দুৰ্ধষ চিকাৰীক শনিবাৰে নিশা কাৰবি আংলং আৰক্ষীয়ে কাজিৰঙাৰ কাষৰ পাহাৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, আটকাধীন চোৰাং চিকাৰী কেইটাৰ পৰা এটা AK 81 ৰাইফলো জব্দ কৰে আৰক্ষীয়ে ৷

কিছুদিন পূৰ্বে এই দলটোৰে এজনৰ বনৰক্ষীৰ লগত হোৱা সংঘৰ্ষত কাৰবি আংলং জিলাৰ ৰঙাপাহাৰত ধনশিৰি সংৰক্ষিত বনাঞ্চলত মৃত্যু হৈছিল ৷ দলটোৰ আন তিনি গৰাকীক আৰক্ষীয়ে বকলীয়াঘাট , নগাঁও আৰু জখলাবন্ধাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ৷

শনিবাৰে আটক কৰা চোৰাং চিকাৰী কেইটা হ'ল জনথাং ওৰফে থাংবয় , মুমিন ওৰফে অভাৰ চাইজ আৰু নিংমাইলুং ওৰফে লুলুন ৷এই ৩ টা গড় চিকাৰীয়ে আৰক্ষীৰ চকুত ধূলি পলাই আছিল যদিও অৱশেষত আৰক্ষী জালত পৰিবলৈ সক্ষম হয় ৷

এই অভিযানটোৰ নেতৃত্বত আছিল কাৰ্বি আংলং আৰক্ষীৰ ডি এছ পি আৰু বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস। অনাগত সময়ত আৰু বহু গড় চিকাৰী আৰক্ষীৰ জালত পৰিব বুলি আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in