কাৰ্বি আংলঙৰ পৰা চুৰি হোৱা ১০ চকীয়া ট্ৰাক হেলেমৰ ৰাজপথৰ পৰা উদ্ধাৰ…

কাৰ্বি আংলঙৰ পৰা চুৰি হোৱা ১০ চকীয়া ট্ৰাক হেলেমৰ ৰাজপথৰ পৰা উদ্ধাৰ…

ডিজিটেল সংবাদ, ছয়দুৱাৰ: কাৰ্বি আংলং জিলাৰ খটখটী আৰক্ষী থানাৰ এলেকাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চুৰি হোৱা এখন ১০ চকীয়া ট্ৰাক আজি দিনৰ প্ৰায় ১১ বজাত বিশ্বনাথ জিলাৰ অন্তৰ্গত হেলেম আৰক্ষীৰ থানাৰ এটা অভিযানকাৰী দলে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।জানিব পৰামতে,উত্তৰ গুৱাহাটীৰ চাংসাৰী আৰক্ষী থানাৰ অধীনস্থ গৌৰীপুৰ আৰক্ষী চকীৰ এলেকাৰ এ এছ ০১ এফ চি ৪৩৩৭ নম্বৰৰ ১০ চকীয়া ট্ৰাকখন যোৱা মাঘবিহুৰ সময়ত কাৰ্বি আংলংৰ পৰা চুৰি হৈছিল।

ট্ৰাকখন চুৰি হোৱা সম্পৰ্কত সংশ্লিষ্ট আৰক্ষী থানাত ট্ৰাকখনৰ মালিকে গোচৰ পঞ্জীয়ন কৰিছিল যদিও ট্ৰাকখন উদ্ধাৰ কৰিব পৰা নাছিল।এই সম্পৰ্কে হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰেণ গগৈয়ে উক্ত চুৰি হোৱা ট্ৰাকখন হেলেম আৰক্ষী থানাৰ এলেকাত থকা বুলি খবৰ লাভ কৰি ট্ৰাকখন উদ্ধাৰৰ বাবে অভিযান চলায়।আৰক্ষী বিষয়া হৰেণ গগৈৰ নেতৃত্বত চলোৱা অভিযানকালত আজি দিনৰ প্ৰায় ১১ বজাত উক্ত ট্ৰাকখন মিছামাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এইক্ষেত্ৰত স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে যোৱা মাঘ বিহুৰ উৰুকাৰ সন্ধিয়াৰ পৰা ট্ৰাকখন এনেদৰে পৰিত্যক্ত অৱস্থাত আছে।স্থানীয় কোনো ট্ৰাকচালকে ট্ৰাকখন এনেদৰে ৰখাই থোৱা ভাবিছিল স্থানীয় একাংশ ৰাইজে।যি কি নহলেও হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰেণ গগৈৰ তৎপৰতাৰ বাবে ট্ৰাকখন উদ্ধাৰ হোৱাত স্বস্তীৰ নিশ্বাস পেলাইছে ট্ৰাকখনৰ মালিকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in