কাৰ্বি আংলং আৰক্ষী , সেনা আৰু CRPFৰ অভিযানত আটক তিনি গড় চিকাৰী

কাৰ্বি আংলং আৰক্ষী , সেনা আৰু CRPFৰ অভিযানত আটক তিনি গড় চিকাৰী

ডিজিটেল সংবাদ, কাৰ্বি আংলংঃ বিগত কেইবা দিনো ধৰি চলোৱা অভিযানৰ অন্তত মঙলবাৰে কাজিৰঙাৰ গড় হত্যাৰ ( বোকাখাট নাথাৰ কেচ নং ১৩/২০২০) জড়িত তিনি গৰাকী অপৰাধিক অত্যাধুনিক মৰণাস্ত্ৰ সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম কাৰ্বি আংলং আৰক্ষীয়ে ৷

কাৰ্বি আংলং আৰক্ষী- চিআৰপি এফ আৰু সেনাই চলোৱা অভিযানত গ্ৰেপ্তাৰ হোৱা অপৰাধী কেইটা হ'ল নগাঁও ছালনাৰ চিমন লাকৰা , মণিপুৰ চুৰাচান্দপুৰৰ ডেভিদ ছাইমা ওৰফে চিমৱয় আৰু নগাঁও জখলাবন্ধাৰ বিকি থাপা৷

আটকাধীন অপৰাধী কেইটাৰ পৰা ১ টা এ কে ৮১ , ২টা AK 56 , এটা SBBL আৰু বৃহৎ পৰিমাণৰ গুলী উদ্ধাৰ কৰে ৷ উল্লেখ যে ২৮ মেত ধনশিৰি সংৰক্ষিত বনাঞ্চলত বনৰক্ষী আৰু চোৰাং চিকাৰীৰ দলৰ মাজত হোৱা গুলীয়াগুলীত মৃত্যু হোৱা গৰাকী আছিল মংবয় পিটাৰ ৷

সেই দলটোত আছিল আন ৩ গৰাকী গড় চিকাৰী ৷ তেওঁলোক হ'ল জনথং ওৰফে থংবয় , মুনমিন কুকি ওৰফে লুলুন আৰু নাংমিথাং ৷ এই গোটেই কেইটা গড় চিকাৰী মণিপুৰৰ চুৰাছান্দপুৰৰ ৷ জানিব পৰি অনুসৰি তেওঁলোকৰ হাততে আছে কাজিৰঙাৰ অগৰাতলী ৰেঞ্জত হত্যা কৰা গড়টোৰ খৰ্গটোও ৷

পলাতক এই তিনি গৰাকী চিকাৰীৰ বিৰুদ্ধে আৰক্ষী অভিযান চলাই আজি তিনিটা গড় চিকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ অনাগত সময়ত আৰু বহু গড় চিকাৰী আৰক্ষীৰ জালত পৰিব বুলি আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in