জাগুনত কাৰাটে ডু আৰু থ্ৰ’ বক্সিঙৰ সৌজন্যত আয়োজিত বিনামূলীয়া প্ৰশিক্ষণৰ সামৰণি…

জাগুনত কাৰাটে ডু আৰু থ্ৰ’ বক্সিঙৰ সৌজন্যত আয়োজিত বিনামূলীয়া প্ৰশিক্ষণৰ সামৰণি…

ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ সোমবাৰে জাগুনৰ লাকলা কাংকান প্ৰাথমিক বিদ্যালয়ৰ সমীপৰ খেল পথাৰত জাগুন কাৰাটে ডু আৰু থ্ৰ বক্সিং সংঘৰ উদ্যোগত এক সভাৰ আয়োজন কৰা হয়। ২০ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰলৈকে এই খেলপথাৰতেই নৰ্থ ইষ্ট বক্সিং সংঘৰ যুটীয়া সম্পাদক আৰু কাৰিকৰী ডাইৰেক্টৰ কোকৰাঝাৰৰ নিবাসী সহদেৱ ৰায়ৰ নেতৃত্বত ছাত্ৰ ছাত্ৰী সকলক কাৰাটে আৰু বক্সিঙৰ বিনামূলীয়া প্ৰশিক্ষণ আগবঢ়োৱা হৈছিল।

সোমবাৰে প্ৰশিক্ষণৰ লগত সংগতি ৰাখি সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়। জাগুন কাৰাটে ডু আৰু থ্ৰ বক্সিং সংঘৰ সভাপতি ঋতুপৰ্ণ ভূঞাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা এই সভাখনত বহু গণ্য মান্য ব্যক্তি, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। বেল্ট পোৱাৰ যোগ্য ছাত্ৰ ছাত্ৰী সকলক বিভিন্ন শিতানত প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। এই সভাতেই এখন জিলা সমিতিও গঠন কৰা হয়। চুছেন দলেক সভাপতি আৰু হেম ফুকনক সম্পাদক ৰূপে নিৰ্বাচিত কৰি এখন ১২ জনীয়া সমিতি গঠন কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in