কপিলী পৰীয়াক সতৰ্কবাণীঃ এৰি দিয়া হ’ব জলবিদুৎ প্ৰকল্পৰ পানী, বন্ধ গা ধোৱা-মাছ ধৰা…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, নগাঁও: ডিমা হাচাও জিলাৰ কপিলী জলবিদ্যুৎ প্ৰকল্পই পানী এৰিব ৷ প্ৰকল্পৰ অধীনৰ খাণ্ডং বান্ধৰ পৰা পানী এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ প্ৰকল্প মেৰামতি কামৰ বাবে জমা পানী এৰিব বিভাগীয় কৰ্তৃপক্ষই ৷ এই সৰ্ন্দভত জৰুৰী বাৰ্তা প্ৰেৰণ কৰা হৈছে ৷ খাণ্ডং বান্ধত অতিৰিক্ত পানী জমা হোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ এইচ এছ এম , কে এইচ পি এছ , নিপকো লিমিটেড , উমাৰাংছুৰ জেনেৰেল মেনেজাৰে (চি) দিয়া জৰুৰী পত্ৰত কপিলী পৰীয়া লোকক সতৰ্ক কৰি দিছে ৷

কাৰ্বিআংলং , হোজাই , নগাঁও , মৰিগাঁও , কামৰূপ (মেট্ৰ') জিলা প্ৰশাসনক জেনেৰেল মেনেজাৰ (চি) য়ে দিয়া পত্ৰত সাবধনতা অবলম্বন কৰিবলৈ আহ্বান জনাইছে ৷ পত্ৰ লাভ কৰাৰ পিছত নগাঁৱৰ উন্নয়ন আয়ুক্তই ও জিলা দুৰ্যোগ ব্যৱস্হাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়াই কপিলী নদীত গা ধোৱা , সাঁতোৰা , মাছ ধৰা কাৰ্যৰ পৰা আতৰি থাকিবলৈ আহ্বান জনাইছে ৷ ১৫ জানুৱাৰী লৈকে এই নিদেৰ্শনা বাহাল থাকিব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in