হাঁহিবলৈ সাজু হওঁক, আহি আছে কপিল শৰ্মা, ভাইৰেল ফটো

হাঁহিবলৈ সাজু হওঁক, আহি আছে কপিল শৰ্মা, ভাইৰেল ফটো

ডিজিটেল ডেস্কঃ 'যি হাঁহিব নাজানে, তেওঁ দেৱতা বা চয়তান'৷ হাঁহিয়ে সৌন্দৰ্য বৃদ্ধি কৰে বুলি কোৱা হয়৷ তদুপৰি বহু ৰোগ নিৰাময়ৰ উৎকৃষ্ট দৰৱো হৈছে হাঁহি৷ টিভিৰ পৰ্দাত এই হাঁহিৰ ৰং চতিয়াই জনপ্ৰিয় হোৱা এজন ব্যক্তি হৈছে কপিল শৰ্মা৷ 'দ্য কপিল শৰ্মা শ্ব'ৰ জৰিয়তে সৌ সিদিনালৈকে ছ'নী টিভিৰ মজিয়াত তেওঁ সকলোকে হহুৱাই আহিছিল৷ কিন্তু এদিন হঠাৎ বন্ধ হৈ পৰিল সেই অনুষ্ঠান৷ তাৰ পিছতে হাঁহি ভালপোৱা মানুহবোৰে আগ্ৰহেৰে হাঁহিবোৰ বিচাৰি বাট চাই ৰ'ল কমেডিয়ান কপিল শৰ্মাৰ বাবে৷

https://www.instagram.com/p/Bq_rQ83gnLK/?utm_source=ig_web_copy_link

হাঁহি ভালপোৱা মানুহবোৰ আৰু কপিল শৰ্মাৰ অনুৰাগীসকলৰ প্ৰতীক্ষাৰ এতিয়া অন্ত পৰিবৰ হৈছে৷ ছ'নী টিভিৰ জৰিয়তে পুনৰ এবাৰ 'দ্য কপিল শৰ্মা শ্ব'ত প্ৰতাৰ্পন কৰিব কপিল শৰ্মা আৰু তেওঁৰ সহযোগীসকলে৷ ইতিমধ্যে মুম্বাইৰ ফিল্ম চিটিত কপিল শৰ্মা শ্ব'ৰ শ্বুটিঙো আৰম্ভ হৈছে৷ পূজা-পাঠৰ পিছতে আৰম্ভ হোৱা শ্বুটিঙৰ ফটো আৰু ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত৷ কিন্তু গুৰুত্বপূৰ্ণ কথাতো হ'ল- এইবাৰ 'দ্য কপিল শৰ্মা শ্ব'ৰ প্ৰযোজনা কৰিছে বলীউডৰ ভাইজান চলমান খানে৷

https://www.instagram.com/p/Bq_uzPHA7Ic/?utm_source=ig_web_copy_link

কপিল শৰ্মাৰ নতুন অনুষ্ঠানটোৰ ছেট প্ৰায় পূৰ্বৰ দৰেই ৰখা হৈছে যদিও উপস্থাপনশৈলী সম্পূৰ্ণ নতুন হ'ব বুলি অনুমান কৰা হৈছে৷ ইয়াৰ পূৰ্বে কপিল শৰ্মাৰ প্ৰেয়সী সৰলাৰ ভূমিকা পালন কৰা সুমোনা চক্ৰৱৰ্তীক এইবাৰ অন্য এক ৰূপত দেখা পোৱা যাব বুলি জানিব পৰা গৈছে৷ শ্ব'টোৰ প্ৰথম খণ্ডৰ অতিথি হিচাপে উপস্থিত থাকিব চলমান খান৷

https://www.instagram.com/p/BrA3xQwANnj/?utm_source=ig_web_copy_link

ছ'নী টিভিয়ে কপিল শৰ্মা শ্ব'ৰ ট্ৰেইলাৰ নিজৰ টুইটাৰ একাউন্টৰ জৰিয়তে প্ৰকাশ কৰাৰ পিছতে দৰ্শকৰ মাজত পুনৰ এবাৰ সমাদৃত হৈছে কপিল শৰ্মা৷ উল্লেখ্য যে, 'দ্য কপিল শৰ্মা শ্ব' ছ'নী টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' সমূহৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছিল৷ কিন্তু কপিল শৰ্মাৰ শাৰিৰীক অসুস্থতা আৰু অন্যান্য অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কপিল শৰ্মা শ্ব'ৰ বন্ধ ৰখা হৈছিল৷

https://www.instagram.com/p/BrA80A7HV5o/?utm_source=ig_web_copy_link

ইফালে শ্ব'টো বন্ধ হৈ পৰাৰ পিছতে কপিল শৰ্মাই ছবি জগতত নিজকে প্ৰতিষ্ঠা কৰাত মনোনিৱেশ কৰে৷ কিন্তু 'কিচ কিচ কো প্যাৰ কৰু'ৰ দৰে এখন চুপাৰহিট ছবি উপহাৰ দিয়া কপিল শৰ্মাক পৰৱৰ্তী ছবি 'ফিৰংগী'ত চিৰিয়াছ মুডত দৰ্শকে আকোঁৱালি নল'লে৷ যাৰ ফলত বহু পৰিমাণে নিৰাশাৰ সন্মুখীন হয় কপিল৷ কিন্তু বন্ধুবৰ্গৰ প্ৰেৰণা আৰু 'দ্য কপিল শৰ্মা শ্ব'ৰ জনপ্ৰিয়তালৈ লক্ষ্য ৰাখি পুনৰ এবাৰ তেওঁ ছ'নী টিভিৰ সৈতে চুক্তিবদ্ধ হয়৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in