হহুৱাবলৈ আহি আছে আকৌ কপিল শৰ্মা

হহুৱাবলৈ আহি আছে আকৌ কপিল শৰ্মা

ডিজিটেল ডেস্কঃ দীৰ্ঘদিন বিৰতিৰ পিছত জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মাই পুনৰ এবাৰ টেলিভিছনৰ পৰ্দাত খলকনি লগাবলৈ প্ৰস্তুতি চলাইছে৷ 'দ্য কপিল শৰ্মা শ্ব'ৰ জৰিয়তে দৰ্শকক হাঁহিৰে মনোৰঞ্জন দিয়া কপিল শৰ্মাই স্বাস্থ্যজনিত কাৰণত দৰ্শকৰ সন্মুখলৈ অহাৰ পৰা বিৰত আছিল৷

''মই পুনৰ উভতি আহিম৷ ছ'নি টিভিৰ মজিয়াত পুনৰ এবাৰ আপোনালোকে 'দ্য কপিল শৰ্মা শ্ব'ত মোক দেখবলৈ পাব৷'-ছ'চিয়েল মিডিয়াত এক পোষ্টৰ জৰিয়তে এনেদৰে অনুৰাগীসকলক প্ৰত্যাৱৰ্তনৰ বতৰা দিয়ে কমেডিয়ানগৰাকীয়ে৷

কপিল শৰ্মাৰ এই পোষ্টৰ পিছতে বলিউডৰ কেইবাগৰাকীও তাৰকাই কমেডিয়ানগৰাকীক শুভকামনা জনায়৷ অভিনেত্ৰী একতা কপুৰ, কবি ৰাহত ইন্দোৰী, কপিল শৰ্মাৰ একালৰ সহযোগী কমেডিয়ান ভাৰতী সিঙকে আদি কৰি কেইবাগৰাকী তাৰকাই জনপ্ৰিয় কমেডিয়ানগৰাকীৰ পুনৰ আগমনত আনন্দ প্ৰকাশ কৰি ছ'চিয়েল মাধ্যমযোগে শুভচ্ছা জ্ঞাপন কৰে৷

উল্লেখ্য যে, স্বাস্থ্যজনিত কাৰণত টিভিৰ পৰ্দাৰ পৰা আতৰত থকা কপিল শৰ্মাই শেহতীয়াকৈ নিজৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে৷ তেওঁ ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰা ফটোসমূহে এই কথা প্ৰমাণ কৰিছে৷ তেওঁ বিগত কিছুদিনত শাৰিৰীক কচৰতৰ দ্বাৰা ৫ কেজি পৰ্যন্ত ওজন হ্ৰাস কৰিবলৈও সক্ষম হৈছে বুলি জনাইছে৷

ইফালে এই সময়ত জনপ্ৰিয় কমেডিয়ানগৰাকীয়ে তেওঁৰ আহিবলগীয়া পঞ্জাৱী ছবি 'চন অৱ মনজিৎ সিঙ'ৰ প্ৰমোশ্যনৰ কামত ব্যস্ত হৈ থকা বুলি জানিব পৰা গৈছে৷ এই ছবিখনত কপিল শৰ্মাই পঞ্জাৱী তাৰকা গুৰপ্ৰীত ঘুম্মীৰ সৈতে একেলগে অভিনয় কৰিছে বুলি জানিব পৰা গৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in