শেহতীয়া খবৰ
বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞালৈ ভূপাল জিলা নিৰ্বাচন আয়োগৰ জাননী জাৰি  •  মই কৈছিলো- যদি আমাৰ পাইলটৰ কিবা হয়, তেন্তে পাকিস্তানক ৰেহাই নিদিমঃ মোডীৰ নিৰ্বাচনী প্ৰচাৰ  •  বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিশাল ৰোড শ্ব’...  •  কেৰালাৰ বায়ানাডত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ৰোড শ্ব’  •  কুইন ওজা সাংসদ হোৱাটো গুৱাহাটীবাসীৰ বাবে অপমানঃ তৰুণ গগৈ  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১৫৬ জনলৈ বৃদ্ধি, নিহত সকলৰ ভিতৰত ৩৫ গৰাকী বিদেশী নাগৰিক  •  কোকৰাঝাৰত ১৭৬৫৪২৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য  •  কোনো শাৰিৰীক, মানসিক নিৰ্যাতন চলা নাছিল বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞাৰ ওপৰত...  •  তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মহানগৰীৰ সোণাৰাম ফিল্ডত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱ্স্থা  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ পিছত ভাৰতৰ হেল্পলাইন নম্বৰ মুকলি...

টুইটাৰযোগে কটাক্ষঃ কোনে চাবলৈ যাব কপিল দেৱৰ জীৱনভিত্তিক ছবিখন…

743

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটাৰ ধোনীৰ জীৱনভিত্তিক ছবি ‘এম এছ ধোনী’ৰ পাছত পুনৰ ক্ৰিকেট খেলুৱৈৰ জীৱনভিত্তিক ছবি শীঘ্ৰেই আহি আছে ছবিগৃহলৈ। বলিউদৰ অভিনেতা ৰণবীৰ সিঙে হিন্দী ছবি ‘৮৩’ত প্ৰাক্তন ভাৰতীয় খেলুৱৈ কপিল দেৱৰ চৰিত্ৰত অভিনয় কৰিব। এই ছবিখনৰ বাবে তেওঁ বহু পৰিশ্ৰম কৰা পৰিলক্ষিত হৈছে।

কেইদিনমান আগতে ৰণবীৰ সিং আৰু কপিল দেৱৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। ফটোখনত প্ৰাক্তন ভাৰতীয় খেলুৱৈ কপিল দেৱে অভিনেতাগৰাকীক প্ৰশিক্ষণ দিয়া পৰিলক্ষিত হৈছে। ইফালে, কপিল দেৱৰ জীৱনভিত্তিক এই ছবিখনক লৈ বলিউদৰ অভিনেতা তথা প্ৰযোজক কমাল খানে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

টুইটাৰযোগে এই ছবিখনক কটাক্ষ কৰিছে কমাল খানে। পূৰ্বেও কমাল খানক বহু বহু ইছ্যুক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰা প্ৰায়ে দেখা যায়। ইয়াৰোপৰি খানৰ এই টুইটটোক লৈ বহু লোকে প্ৰতিক্ৰিয়াও ব্যক্ত কৰিছে। তেওঁ টুইটাৰত লিখিছে- ‘মই বুজি পোৱা নাই যে, কপিল দেৱৰ জীৱনভিত্তিক এই ছবিখন কোনে চাব? তেওঁ ক্ৰিকেট বিশ্বকাপ জিকিছিল। তাতেনো কি হ’ল? মই কিয় ছবিখন চাব লাগে? কপিল দেৱৰ জীৱনভিত্তিক ছবি ‘আজহৰ’ৰ দৰে ছুপাৰ ফ্লপ হ’ব পাৰে। কবিৰ খান প্ৰকৃতাৰ্থত এজন ভাল নিৰ্দেশক নহয়। তেওঁ কেৱল নকল কৰিব জানে।’ এনেদৰে টুইট কৰি কটাক্ষ কৰে কমাল খানে। আৰু বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই টুইটটো।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি