যোগী আদিত্য নাথে নাৰাখে মোডীৰ আহ্বানঃ ২৫ জুলাইৰ পৰা দিলে ব’ল বমৰ অনুমতি

যোগী আদিত্য নাথে নাৰাখে মোডীৰ আহ্বানঃ ২৫ জুলাইৰ পৰা দিলে ব’ল বমৰ অনুমতি

ডিজিটেল ডেস্কঃ যিসময়ত দেশত কোৰোনাৰ তৃতীয় ঢৌ আহিব বুলি কোৱা হৈছে, কোৰোনাৰ সংক্ৰান্তত কোনো ধৰণৰ আপোচ নকৰো বুলি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছে সেই সময়তেই উত্তৰ প্ৰদেশত আগন্তুক ২৫ জুলাইৰ পৰা কানোৱাৰ (ব'ল বম) যাত্ৰা অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰা কাৰ্যই সকলোৰে চকু কপালত তুলিছে।

হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে শাওন মাহটো অতি পবিত্ৰ। এই পবিত্ৰ মাহটোত দেশৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে আৰাধ্য দেৱতা শিৱক বিশেষভাৱে পূজা কৰে। কোনো এক পবিত্ৰ নদীৰ পৰা পানী সংগ্ৰহ কৰি নিজৰ কান্ধত কঢ়িয়াই নি শিৱ লিংগত ঢালে।এই ক্ষেত্ৰত শিৱৰ ভক্তসকলে পবিত্ৰ নদীৰ পানী কঢ়িয়াই নিয়া পাত্ৰক সুন্দৰকৈ সজাই লোৱাৰ বিপৰীতে অনাহাৰে থাকি শিৱৰ নাম স্মৰণ কৰি খোজেৰেই নদীৰ পানী কঢ়িয়াই মন্দিৰত গৈ উপস্থিত হয়।

শাওন মাহলৈ আৰু মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যে এই পবিত্ৰ মাহত শিৱক এইদৰে আৰধনা কৰিবলৈ সাজু হৈছে হিন্দু ধৰ্মাৱলম্বী লোকসকল। কিন্তু কোৰোনা মহামাৰীৰ বাবে এই কানোৱাৰ যাত্ৰা অনুষ্ঠিত কৰাটো এতিয়া পূ্ৰ্বৰ দৰে সহজ নহয়। কিয়নো কোৰোনাৰ যিসমূহ প্ৰ'টকল আছে সেই প্ৰ'টকল এই কানোৱাৰ যাত্ৰাত ভংগ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

ইতিমধ্যে উত্তৰখণ্ডত চলিত বৰ্ষৰ কানোৱাৰ যাত্ৰা বাতিল কৰিছে। কিন্তু তাৰ মাজতে উত্তৰ প্ৰদেশ চৰকাৰে কানোৱাৰ যাত্ৰাৰ বাবে অনুমতি প্ৰদান কৰা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰিছে দেশৰ উচ্চতম ন্যায়ালয়েও। আনকি উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশ আৰু কেন্দীয় চৰকাৰক এই কানোৱাৰ যাত্ৰাৰ বাবে কিয় অনুমতি প্ৰদান কৰা হ'ল তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

শুক্ৰবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰ এফ নাৰিমান আৰু ন্যায়াধীশ বি আৰ গোভাইকলৈ গঠিত খণ্ডপীঠে এই বিষয়ত দুয়োখন চৰকাৰকে দুদিনৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে।

মনকৰিবলগীয়া কোভিড মহামাৰীৰ বাবে কেইদিনমানৰ পূৰ্বে বাতিল কৰা হৈছিল অমৰনাথ যাত্ৰা। আনহাতে দেশৰ কেইবাখনো ৰাজ্যত বাতিল হৈছে কানোৱাৰ যাত্ৰা। খোদ প্ৰধানমন্ত্ৰীয়েই কোৰোনাৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ'ব বুলি কোৱাৰ মাজতে উত্তৰ প্ৰদেশ চৰকাৰে ২৫ জুলাইৰ পৰা এই যাত্ৰা আৰম্ভ কৰাৰ অনুমতি দিয়া কাৰ্য সহজভাৱে ল'ব পৰা নাই সচেতন মহলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in