মানুহৰ সৈতে ভাৱ বিনিময় কৰিবলৈ সক্ষম কেংগেৰু…

মানুহৰ সৈতে ভাৱ বিনিময় কৰিবলৈ সক্ষম কেংগেৰু…

ডিজিটেল ডেস্কঃ মানুহৰ সতে ইচ্ছাকৃতভাৱে ভাৱ বিনিময় কৰাৰ বাবে সক্ষম কেংগাৰু। পূৰ্বতে কৰি থকা ধাৰণা অতিক্ৰম কৰি এক গৱেষণাত প্ৰকাশ পাইছে যে মানুহৰ বাহিৰেও আন ইতৰ প্ৰাণীবোৰৰো জ্ঞান আহৰণৰ ক্ষমতা যথেষ্ট।

চিডনী বিশ্ববিদ্যালয় আৰু ৰইমটন বিশ্ববিদ্যালয়ৰ এটা গৱেষণাৰ দলে এটা কেংগেৰুৰ দলক পৰীক্ষাৰ বাবে প্লাষ্টিকৰ প্লেটত খাদ্য পৰিৱেশন কৰে। ১১ টা কেংগাৰুৰ এই দলটোৰ প্ৰায় ১০ টাই পৰিৱেশক সকলৰ লগত দৃষ্টি বিনিময় কৰাৰ লগতে কোনোৱে বাকচটো চাই চুই তেওঁলোকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে আৰু কোনোৱে আকৌ সহায় বিচাৰিছে।

চিডনী বিশ্ববিদ্যালয়ৰ এজন গৱেষক আলেকজেণ্ডাৰ গ্ৰীণে দেশখনৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক কয় যে, কেংগেৰুৰে মানুহৰ সতে দৃষ্টি বিনিময় কৰি এনে ব্যৱহাৰ কৰা বিষয়টোক লৈ তেওঁলোক হতবাক। তেওঁ লগতে কয় যে, এই গৱেষণাই পৰৱৰ্তী সময়ত অষ্ট্ৰেলিয়াৰ কেংগেৰুৰ সম্পৰ্কে থকা বহু ভুল ধাৰণা দূৰ কৰিব।উল্লেখ্য যে দলটোৱে অন্য ইতৰ প্ৰাণীক লৈয়ো বিভিন্ন সম্পৰীক্ষা চলাই আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in