বিপদত কংগনা! আদালতত হাজিৰ নহ’লে হ’ব পাৰে গ্ৰেপ্তাৰ…
ডিজিটেল ডেস্ক: পুনৰ বিপদত অভিনেত্ৰী কংগনা ৰাণাৱট। বঠিণ্ডাৰ এখন আদালতে চমন জাৰি কৰিছে অভিনেত্ৰী গৰাকীলৈ। মানহানিৰ গোচৰত ১৯ এপ্ৰিলত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰিছে আদালতে।
অভিযোগ অনুসৰি কংগনাই কৃষক আন্দোলনত অংশ লোৱা পঞ্জাৱৰ ৭৩ বছৰীয়া মহিলা মোহিন্দৰ কৌৰৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছিল। ইয়াৰ পাছতেই তেওঁৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল মহিলা গৰাকীয়ে।
উল্লেখ্য যে, কৃষক আন্দোলনৰ সময়ত কৌৰ অতি সক্ৰিয় হৈ আছিল। অহৰহ কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি গৈছিল মহিলা গৰাকীয়ে। কিন্তু তেওঁৰ এটি ফটোৰ সৈতে কৃষক আন্দোলন সন্দৰ্ভত টুইট কৰিছিল কংগনাই। ফটো পোষ্ট কৰি কংগনাই লিখিছিল যে ১০০-১০০ টকা দৈনিক মজুৰীত কৃষক আন্দোলনত অনা হৈছে। লগতে মহিলা গৰাকীক চাহিনবাগৰ দাদী বুলিও উল্লেখ কৰিছিল।
উল্লেখ্য যে, কৌৰে দিল্লী সীমান্তত থাকি কৃষক আন্দোলনত অংশ লৈছিল। কিন্তু কংগনাৰ এই পোষ্টৰ পিছতেই বিভিন্ন সমালোচনাৰ সৃষ্টি হৈছিল আৰু তেওঁ আদালতৰ কাষ চাপিছিল। এই সন্দৰ্ভত অধিবক্তা এগৰাকীয়ে জনাই যে যদিহে কংগনা আদালতত হাজিৰ নহয়, তেতিয়াহ’লে তেওঁক গ্ৰেপ্তাৰ কৰাও হ’ব পাৰে।