কংগনা ৰাণাৱটে ঘূৰাই দিব ‘পদ্মশ্ৰী’! কিন্তু কিয়…

কংগনা ৰাণাৱটে ঘূৰাই দিব ‘পদ্মশ্ৰী’! কিন্তু কিয়…

ডিজিটেল ডেস্কঃ বলিউডৰ বিতৰ্কিত অভিনেত্ৰী তথা শেহতীয়াকৈ পদ্মশ্ৰী সন্মান লাভ কৰা কংগনা ৰাণাৱটে ঘূৰাই দিব পদ্মশ্ৰী সন্মান! শেহতীয়াকৈ দেশে স্বাধীনতা লাভ কৰাৰ প্ৰসংগত মন্তব্য কৰি বিতৰ্কৰ সূচনা কৰা কংগনাক লৈ দেশজুৰি বিতৰ্কৰ সূচনা হৈছে। বহুতেই কৈছে কংগনাই দেশৰ মহান স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক নস্যাত কৰিছে। অপমান কৰিছে লাখা লাখা স্বাধীনতা সংগ্ৰামী।

প্ৰকৃততে কংগনাই দেশে টাইমছ সংবাদ গোষ্ঠীৰ এক সন্মিলনত দেশে ২০১৪ চনত হে প্ৰকৃততে স্বাধীনতা লাভ কৰিছিল বুলি মন্তব্য কৰিছিল। এই মন্তব্যৰ জিৰয়তে কংগনাই শাসনাধিস্ত বিজেপি দলক তৈলমৰ্দন কৰিছিল। ইয়াৰ পিছতে কংগনাৰ এই বিষয়টোক কেন্দ্ৰ কৰি কংগনাক সমালোচনা কৰিছিল দেশৰ সচেতন মহলে। ছ'চিয়েল মিডিয়াত একাংশ জনতাৰ লগতে ৰাজনৈতিক নেতাই  কংগণাক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।

দেশৰ বিভিন্ন ঠাইত কংগনাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে আৰু কংগনাক শেহতীয়াকৈ প্ৰদান কৰা পদ্মশ্ৰী সন্মান প্ৰত্যাহাৰ কৰিবলৈও দাবী জনাইছে। কংগনাই ১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰাৰ পৰিবৰ্তে 'ভিক্ষা' লাভ কৰিছিল বুলি কৈ বিতৰ্কত সাঙোৰ খাই পৰিছে। ইয়াৰ মাজতে কংগনাই পুনৰ মুখ খুলিছে। কংগনাই লাভ কৰা পদ্মশ্ৰী সন্মান ঘূৰাই দিবলৈ ওলাইছে। অৱশ্যে তেওঁ ইয়াৰ বাবে এটা চৰ্ত নিৰ্ধাৰণ কৰিছে।

কংগনাই নিজৰ বক্তব্যৰ ওপৰত কয় যে যদি তেওঁক কোনোবাই ভুল প্ৰমাণিত কৰিব পাৰে তেন্তে তেওঁ কেৱল ক্ষমা বিচৰাই নহয় পদ্মশ্ৰী সন্মান ঘূৰাই দিবলৈও সাজু আছে। তেওঁ তেওঁৰ ইনষ্টা ষ্টৰীত লিখিছে এইদৰে- "সাক্ষাৎকাৰত, সকলোবোৰ স্পষ্টকৈ কোৱা হৈছে যে স্বাধীনতাৰ বাবে প্ৰথম সংগঠিত যুদ্ধ ১৮৫৭ চনত সংঘটিত হৈছিল… সুভাষ চন্দ্ৰ বসু, ৰাণী লক্ষ্মীবাই আৰু বীৰ সাভাৰকাৰজীৰ ত্যাগৰ বিষয়েও আলোচনা কৰা হৈছিল। মই ১৮৫৭ বৰ্ষটো জানো, কিন্তু ১৯৪৭ চনত কি যুঁজ হৈছিল মই নাজানোঁ। যদি কোনোবাই মোক এই বিষয়ে জনায়, মই মোৰ পদ্মশ্ৰী বঁটা ঘূৰাই দিম আৰু ক্ষমা বিচাৰিম… দয়া কৰি মোক সহায় কৰক।"

ইয়াৰোপৰি তেওঁ লিখিছে- '২০১৪ চনত লাভ কৰা স্বাধীনতাৰ ক্ষেত্ৰত মই বিশেষভাৱে কৈছিলোঁ যে যদিও আমাৰ হাতত দেখুৱাবলৈ স্বাধীনতা আছিল, কিন্তু ভাৰতৰ চেতনা আৰু বিবেকে ২০১৪ চনত স্বাধীনতা লাভ কৰিছিল। এটা মৃত সভ্যতাই পুনৰ জীৱন লাভ কৰিছিল আৰু নিজৰ পাখি মেলি দিছিল আৰু এতিয়া ই জোৰেৰে গৰ্জন কৰি আছে। আজি, প্ৰথমবাৰৰ বাবে, মানুহে আমাক ইংৰাজী নকোৱা বা সৰু চহৰৰ পৰা অহা বা ভাৰতত তৈয়াৰ কৰা সামগ্ৰী তৈয়াৰ কৰাৰ বাবে অপমান কৰিব নোৱাৰে। সেই সাক্ষাৎকাৰটোত সকলো বোৰ পৰিষ্কাৰ কৰা হৈছে। কিন্তু যিসকল চোৰ, তেওঁলোকটো জ্বলিবই, তাক কোনেও নুমুৱাব নোৱাৰে। জয় হিন্দ।'

উল্লেখ্য যে সঘনাই বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰা কংগনাক শেহতীয়াকৈ দেশৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিছে পদ্মসন্মান। তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰাক লৈও বহুতে আপত্তি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in