মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই ‘কাঞ্চনজংঘা’…

মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই ‘কাঞ্চনজংঘা’…

৬ ছেপ্তেম্বৰত মুক্তি পাব জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘা। বহু অপেক্ষিত ছবিখনক লৈ ডিম্পুল বৰগোহাঁইৰ বিশেষ প্ৰতিবেদন

কাঞ্জনজংঘা মোৰ বাবে কেৱল এখন ছবি নহয়! মোৰ বুকুত ১২ টা বছৰে লহপহকৈ বঢ়া এটা সপোন, যি সপোনে ৬ ছেপ্তেম্বৰত বাস্তৱৰূপ পাব। জুবিন গাৰ্গ আৰু বহু অপেক্ষিত এখন ছবি। ১২ টা বছৰৰ প্ৰস্তুতি আৰু চিন্তা-চৰ্চাৰে সমৃদ্ধ ছবিখন মুক্তি পাবলৈ মাজত মাথোঁ কেইটামান ঘন্টা। আৰু কেইটামান ঘন্টাৰ পাছতে সমগ্ৰ ৰাজ্যৰ ছবিঘৰত গুঞ্জৰিত হব-'মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা।

সকলোতে কাঞ্চনজংঘা

ছবিখনক লৈ ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তত থকা ছবি অনুৰাগীসকলৰ মাজত ব্যাপক উছাহ। বিশেষকৈ বিগত কেইটামান দিনত ছবিখনৰ প্ৰচাৰ অতি ধুমধামেৰে চলোৱা হৈছিল। ছবিখনৰ পৰিচালক তথা কন্ঠশিল্পী জুবিন গাৰ্গ আৰু কলা-কৌশলীসকলে ৰাজ্যৰ ইমূৰৰ পৰা সিমুৰলৈ চলালে কাঞ্চনজংঘাৰ প্ৰচাৰ।

নাৰায়ণপুৰ

ৰাজ্যৰ প্ৰায় ১০০ ৰো অধিক শিক্ষানুষ্ঠানত জুবিনে চলাইছিল কাঞ্চনজংঘাৰ প্ৰচাৰ। সমগ্ৰ অসমজুৰি চলা এই প্ৰচাৰ কাৰ্যসুচীত জুবিনে পালে ৰাইজৰ অন্তহীন সহযোগিতা। জুবিনৰ প্ৰতি ৰাইজৰ এই সহাঁৰি দেখি বহুতেই কলে- জুবিনে চিনেমা বনালে সেইখন চিনেমা হৈ নাথাকে, এটা উৎসৱ হৈ পৰে।

স্থান-তেজপুৰ

প্ৰাপ্ত খবৰ অনুসৰি ইতিমধ্যে প্ৰায় শেষ ছবিখনৰ মুক্তিৰ প্ৰথমটো দিনৰ আটাইবোৰ টিকট। গুৱাহাটীৰ লগতে প্ৰায় সকলো জিলাৰে চিত্ৰগৃহ সমূহত এতিয়া দৰ্শকে টিকট বিচাৰি কৰিছে হাহাকাৰ। সকলোৰে এটাই কথা যিকোনো প্ৰকাৰে প্ৰথমদিনাই চাব লাগিব হাৰ্টথ্ৰব জুবিনৰ ছবি কাঞ্চনজংঘা। এইখিনিতে এটা কথা কবই লাগিব যে, সমগ্ৰ অসমজুৰি চলা জুবিনৰ প্ৰচাৰ কাৰ্যসুচীত যুৱ প্ৰজন্মৰ অংশগ্ৰহণ আছিল অতি সক্ৰিয়।

কাঞ্চনজংঘা ছবিখনে মিছন চাইনাৰ বক্স অফিচ ৰেকৰ্ড ভংগ কৰিব বুলি এতিয়া অনুমান কৰিছে অসমৰ চলচিত্ৰ প্ৰেমীসকলে। উল্লেখ্য যে মিছন চাইনাই মুক্তিৰ প্ৰথম দিনা প্ৰায় ৪০ লাখ টকাৰ ব্যৱসায় কৰিছিল। জুবিনৰ ছবি মিছন চাইনা কাহিনীৰ দিশৰ পৰা বৰ বেছি শক্তিশালী নাছিল যদিও কাৰিকৰী আৰু সংগীতৰ দিশৰ পৰা আছিল শক্তিশালী। ছবিখনত পবিত্ৰ ৰাভাৰ অভিনয় আছিল অতি আকৰ্ষণীয়। সেই পবিত্ৰ ৰাভাক দৰ্শকে দেখিবলৈ কাঞ্চনজংঘাতো। ইতিমধ্যে ছবিখনৰ গোটেইকেইটা গীতেই ৰাইজে আদৰি লৈছে। তাৰে এটা গীত হৈছে- ধূলিকণা-

ধূলিকণা

কাঞ্চনজংঘা ছবিখনৰ পৰিকল্পনা নতুন নহয়। আজিৰ পৰা ১২ বছৰৰ পূৰ্বেই চিন্তা কৰা হৈছিল ছবিখনৰ বিষয়বস্তুৰ সম্পৰ্কে। জুবিনৰ মতে সমাজত প্ৰচলিত জাত-পাত ভেদাভেদৰ বিৰোধিতাৰে নিৰ্মাণ কৰা হৈছে। তেওঁৰ মতে একবিংশ এইযুগত জাত-পাতৰ বিভাজনে সমাজখনক বহুখিনি পিচুৱাই নিব। জুবিনে আশা কৰে জাত-পাতৰ ভেদাভেদ নথকা এখন সুস্থ-সবল সমাজ। যি সমাজত সকলো জাতিৰ ভাই-ভনী একতাৰ এনাজৰীয়ে বান্ধ খাই থাকিব পাৰে। সেই বিষয়বস্তুকে সাৰথি কৰি সমাজৰ দুৰ্নীতি-্অত্যাচাৰৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি জুবিনে নিৰ্মাণ কৰিছে-কাঞ্চনজংঘা।

ছবিখনৰ ট্ৰেইলাৰ

কাঞ্চনজংঘাত ছবিখন মু্ক্তিৰ আগলৈকে মুক্তি দিয়া হৈছে ৩ টা গান। গোটেইকেইটা গানেই এতিয়া সকলোৰে মুখে মুখে। নতুন প্ৰজন্মক সদায় গুৰুত্বপ্ৰদান কৰা জুবিনৰ কাঞ্চনজংঘাত গীত কেইটাৰ কথা লিখিছে শশাংক সমীৰ আৰু ৰাহুল গৌতমে। ইফালে ছবিখনৰ নায়িকাও প্ৰথমবাৰলৈ ভূমুকি মাৰিছে অসমীয়া চলচ্ছিত্ৰ জগতত। 'I Creation' ৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনক লৈ এতিয়া আশাবাদী জুবিন গাৰ্গ। ছবিখনৰ আটাইকেইটা গীত টাইমছ মিউজিকৰ। ছবিখনৰ আন এটা জনপ্ৰিয় গীত হৈছে প্ৰীতি ভৰা। গীতটোত কন্ঠ নিগৰাইছে গায়ত্ৰী আৰু জুবিনে।


প্ৰীতি ভৰা

কাঞ্চনজংঘাৰ ছবিখনৰ সৰহভাগ শ্বুটিং কৰা হৈছে তেজপুৰত। ইয়াৰোপৰি উত্তৰ-পূবৰ কেইবাটাও মনোমোহা স্থানত কৰা শ্বুটিং। জুবিন গাৰ্গৰ মতে প্ৰায় ৫২ দিনত সমাপ্ত হৈছে ছবিখনৰ শ্বুটিংৰ কাম।
কাঞ্চনজংঘাৰ পোষ্টাৰো অতি আকৰ্ষণীয়কৈ নিৰ্মাণ কৰা হৈছে। ছবিখনৰ সকলো পোষ্টাৰ নিৰ্মাণ কৰিছে ঋতুপৰ্ণ বৰাই। বৰা হৈছে এটা ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ এগৰাকী প্ৰতিষ্ঠিত গ্ৰাফিক্স ডিজাইনাৰ।

ডিজাইন- ঋতুপৰ্ণ বৰা

জুবিনে বিভিন্ন সাক্ষাৎকাৰত জনোৱা মতে, কাঞ্চনজংঘাত তেওঁ দ্বৈত চৰিত্ৰত অভিনয় কৰিছে। ছবিখনত জুবিনে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ লগতে শশাংক সমীৰ, পবিত্ৰ ৰাভাৰ লগতে বহুকেইজন প্ৰতিশ্ৰুতি সম্পন্ন অভিনেতা-অভিনেত্ৰীয়ে।

টীম কাঞ্চনজংঘা

মুক্তিৰ পূৰ্বেই বিৰ্তকতো সোমাইছে কাঞ্চনজংঘা। ব্ৰাক্ষ্মণ সম্প্ৰদায়ক লৈ জুবিনে কৰা মন্তব্যৰ পাছতে ছবিখনক লৈ ব্যৱস্থা লোৱাৰো ঘোষণা কৰিছেল ব্ৰাক্ষ্মণ সমাজে। কিন্তু শেষত জুবিনে লিখিতভাৱে ক্ষমা প্ৰাৰ্থনা কৰাৰ পাছতে সকলো সাম কাটে। ইফালে ছবিখনৰ মুক্তিৰ দিনাই বজৰং দলে ঘোষণা কৰিছে অসম বন্ধৰ। ছবিখন মুক্তি পোৱা দিনটোতে বজৰং দলে অসম বন্ধৰ আহ্বান জনোৱা কাৰ্যক এতিয়া সহজ ভাবে ল'ব পাৰ নাই জুবিন গাৰ্গৰ অনুৰাগী সকলে।

ইয়াৰোপৰি জুবিনৰ মতে কাহিনীয়ে দাবী কৰা ধৰণে ছবিখনত ব্যৱহাৰ হৈছে কিছু অশ্লীল শব্দ। সেয়া যি কি নহলেও জুবিন সদায়ে সকলোৰে প্ৰিয়। বিৰ্তকই লগ নেৰা জুবিনেও কেতিয়াবা উপলদ্ধি কৰে কিছুমান স্থানসাপেক্ষে নোকোৱাই ভাল। সেই কথা জুবিনে বহুসময়ত স্বীকাৰো কৰিছে।

প্ৰথম সপ্তাহত কত কেনেকৈ কাঞ্চনজংঘা

জুবিনে প্ৰতিতো প্ৰচাৰতে কৈ আহিছে- কাঞ্জনজংঘা মোৰ বাবে কেৱল এখন ছবি নহয়! মোৰ বুকুত ১২ টা বছৰে লহপহকৈ বঢ়া এটা সপোন। জুবিনৰ এই সপোনক সকলোৱে আদৰি লওক। বিগত ২ টা দশক ধৰি শ শ জীপাল গীতেৰে অসমবাসীৰ হিয়া মন জুৰাই থকা জুবিনে বৃহস্পতিবাৰে নিশা সমগ্ৰ ৰাজ্যবাসীক উদ্দ্যেশি কলে এনেদৰে-

https://www.facebook.com/ZUBEENsOFFICIAL/videos/374029810185964/?t=0

অসমীয়া ছবিৰ ভাল দিন আহিছে। সেই আশা অসমবাসীক জুবিনে মিছন চাইনাৰ জৰিয়তেই আভাস দিছে। সেয়েহে হয়তো ২০১৯ বৰ্ষতে ছবিঘৰলৈ আহিব যতীন বৰাৰ এখন ব্যয়বহুল ছবি ৰত্নাকৰ। অসমীয়াৰ ছবি পুনৰ ঠন ধৰিবলৈ লোৱা এই ক্ষণত কাঞ্জনজংঘাৰ টীমলৈ আমাৰ তৰফৰ পৰাও থাকিল শুভেচ্ছা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in