শেহতীয়া খবৰ
দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  ৰহাৰ প্ৰাঞ্জল মেম'ৰিয়েল একাডেমীৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  নিশা ভূমিকম্পই জোকাৰি গ’ল হিমাচলপ্ৰদেশ...  •  ঢকুৱাখনাৰ ধেনুখনাত ধেমাজি জিলা সমিতিৰ উদ্যোগত অগপৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন  •  মাৰ্ঘেৰিটাৰ বৰগোলাইত পথ দুৰ্ঘটনাত এজন নিহত  •  বৰক্ষেত্ৰীত অগপৰ প্ৰতিষ্ঠা দিৱস, আঞ্চলিক দলত যোগদান বহু পুৰুষ-মহিলাৰ

‘মিছন চাইনা’ৰ অভিলেখ ভংগ কৰিলে ‘কাঞ্চনজংঘা’ই…

2,838

ডিজিটেল ডেস্কঃ মিছন চাইনাৰ ৰেকৰ্ড ভংগ কৰিলে জুবিন গাৰ্গৰে নতুন ছবি কাঞ্চনজংঘাই। হয়, ৬ ছেপ্টেম্বৰত বিগৃহত মুক্তি লাভ কৰা জুবিন গাৰ্গৰ নতুন ছবিখনে ৰচিলে এক নতুন অভিলেখ। মাত্ৰ এটা সপ্তাহৰ ভিতৰতে ছবিখনে উপাৰ্জন কৰিলে ২.৯০ কোটি টকা।

‘কাঞ্চনজংঘা’ৰ প্রথম সপ্তাহৰ উপাৰ্জন জুবিন গাৰ্গৰ পূৰ্বৰ ছবি ‘মিছন চাইনা’ৰ প্রথম সপ্তাহৰ উপাৰ্জনতকৈ অধিক। উল্লেখ্য যে, মিছন চাইনাৰ মুক্তি লাভ কৰা প্রথমটো দিনৰ উপাৰ্জন আছিল ৩৯.৪ লাখ টকা। ইফালে, কাঞ্চনজংঘাৰ প্ৰথম দিনৰ উপাৰ্জন ৪০ লাখ টকা।

৮ ছেপ্টেম্বৰ, ২০১৯ত মুক্তি লাভ কৰিছিল জুবিনৰ ছবি মিছন চাইনাই। তাৰপাছত ছবিখনে উপাৰ্জন কৰা হাৰ ক্ৰমে-

  • শুকুৰবাৰঃ ৩৯.৯৭ লাখ।
  • শনিবাৰেঃ ৩৯.৫ লাখ।
  • দেওবাৰঃ ৪৯ লাখ।
  • সোমবাৰঃ ৩১ লাখ।
  • মঙলবাৰঃ ২৮ লাখ।
  • বুধবাৰঃ ৩২ লাখ।
  • বৃহস্পতিবাৰঃ ২৫ লাখ।

আনহাতে, ২০১৯ৰ ৬ ছেপ্টেম্বৰত মুক্তি লাভ কৰা জুবিনৰ কাঞ্চনজংঘাই উপাৰ্জন কৰিলে মিছন চাইনাতকৈ অধিক ধন। কাঞ্চনজংঘাই প্ৰথমটো সপ্তাহত উপাৰ্জন কৰা ধনৰ হাৰ ক্ৰমে-

  • শুকুৰবাৰঃ ৪০ লাখ।
  • শনিবাৰেঃ ৩৮.৫ লাখ।
  • দেওবাৰঃ ৫৯.১ লাখ।
  • সোমবাৰঃ ৩৯.৮ লাখ।
  • মঙলবাৰঃ ৪৪.৫ লাখ।
  • বুধবাৰঃ ৩৫.৫ লাখ।
  • বৃহস্পতিবাৰঃ ৩১.৪ লাখ।

একাংশ দৰ্শকে ছবিখন চোৱাৰ পাছত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে, কাঞ্চনজংঘা ৰূপত জুবিন গাৰ্গে অসমবাসীৰ বাবে এখন খুবেই ভাল ছবি উপহাৰ দিছে। আৰু ছবিখনৰ প্ৰতিটো দিশত ভালদৰে কাম কৰা হৈছে।

লক্ষণীয়ে যে, ২০১৭চনত মুক্তি লাভ কৰা মিছন চাইনাই প্ৰথমটো সপ্তাহত মুঠ ২.৪৪ কোটি টকা উপাৰ্জন কৰিছিল। আৰু ইয়াৰ বিপৰীতে জুবিনৰ নতুন ছবি কাঞ্চনজংঘাই প্ৰথমটো সপ্তাহতে উপাৰ্জন কৰিলে ২.৯০ কোটি টকা। তদুপৰি ছবিখনে বৰ্তমানলৈ অৰ্থাৎ মুক্তি পোৱাৰ ১০দিনলৈ উপাৰ্জন কৰিলে মুঠ ৩.৯ কোটি টকা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি