সাৱধানঃ দাম বেছিকৈ নল’ব, বজাৰে বজাৰে ঘূৰিব ‘টাস্ক ফৰ্চ’…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, গুৱাহাটীঃ কামৰূপ মহানগৰ জিলাৰ অধীনৰ বৃহত্তৰ গুৱাহাটীৰ অত্যাৱশ্যকীয় সামগ্ৰী, মূলতঃ আলু, পিঁয়াজ, শাক-পাচলি, মাছ, মাংস আদিৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ বজাৰ বিশেষে পৃথক পৃথককৈ গঠন কৰা হৈছে 'টাস্ক ফৰ্চ'। একোজনকৈ কাৰ্যবাহী দণ্ডাধীশৰ অধীনত গঠন কৰা এই 'টাস্ক ফৰ্চ'সমূহক তৎকালীনভাৱে বজাৰসমূহৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি তদাৰক কৰিবলৈ নিৰ্দেশ দিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝায়ে। দায়িত্ব দিয়া নিজ নিজ এলেকাৰ বজাৰসমূহ পৰিদৰ্শন কৰি এই 'টাস্ক ফৰ্চ' সমূহে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিৰীক্ষণ কৰিব আৰু জিলা উপায়ুক্তক এই বিষয়ে প্ৰতিবেদন দাখিল কৰিব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in