নাগৰিক সমাজৰ পৰামৰ্শৰ ভিত্তিত সিদ্ধান্তৰ দিশে প্ৰশাসনঃ গুৱাহাটীত পুনৰ বৃদ্ধি হ’ব লকডাউন…

নাগৰিক সমাজৰ পৰামৰ্শৰ ভিত্তিত সিদ্ধান্তৰ দিশে প্ৰশাসনঃ গুৱাহাটীত পুনৰ বৃদ্ধি হ’ব লকডাউন…

ডিজিটেল ডেস্কঃ প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে ৰাজ্যত কোৰোনা ভাইৰাছৰ সংক্ৰমণ। অৱশ্যে আটাইতকৈ বেছি কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা কামৰূপ মেট্ৰ'তে বৃদ্ধি পাইছে। ৰাজ্যত কোৰোনাই অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পাছতে শুকুৰবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতলাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক।

লকডাউন বৃদ্ধি কৰা-নকৰাক লৈ জিএমচিএইচৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই বৈঠকত উপস্থিত আছে প্রশাসন, এনএইচএমৰ, নাগৰিক সভা, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব আৰু শীৰ্ষ বিষয়াসকল, জিলা উপায়ুক্ত, জিএমচিৰ শীৰ্ষ বিষয়া আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল। ইফালে, মুখ্য সচিবে সদৰী কৰা মতে, শনিবাৰে গুৱাহাটী মহানগৰীত লকডাউন বৃদ্ধি কৰা হ'ব নে নাই সেই সন্দৰ্ভত ঘোষণা কৰা হ'ব আনুষ্ঠানিকভাৱে। অৱশ্যে এক সূত্ৰ অনুসৰি, এই ভাইৰাছৰ বিৰুদ্ধে যুঁজি দিবলৈ আৰু এসপ্তাহৰ বাবে গুৱাহাটীত লকডাউন বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।

এই বৈঠকত স্বাস্থ্য বিভাগৰ সচিব সমীৰ সিনহাই কয়- 'গুৱাহাটী মহানগৰীত লকডাউন বৃদ্ধি নকৰিলে যোৱা দুই সপ্তাহৰ কষ্ট অথলে যাব।' গুৱাহাটীৰ সাম্প্ৰতিক পৰিস্থিতি অধিক বেয়াৰ দিশে গতি কৰিছে। মহানগৰীৰ পাণ্ডুত যোৱা ৩ দিন ধৰি হোৱা ৰেপিড টেষ্টত ৫৩জন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি। পাণ্ডুত এই সময়চোৱাত ৮২২গৰাকী লোকৰ কোভিড টেষ্ট সম্পন্ন কৰা হৈছে।

যোৰহাট-গোলাঘাট নগৰত সম্পূৰ্ণ লকডাউনঃ

উল্লেখ্য যে, যোৰহাট আৰু গোলাঘাটতো কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্তই এসপ্তাহৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰে। ইফালে, কামৰূপ মেট্ৰ'ত কোৰোনাৰ সংহাৰ সৰ্বাধিক হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলালৈ গুৱাহাটী মহানগৰীৰ পৰা যান-বাহন চলাচল বন্ধ কৰি দিয়া হৈছে।

শনিবাৰ-দেওবাৰে সমগ্ৰ ৰাজ্যতে লকডাউনঃ

আনহাতে, পূৰ্ব ঘোষিত সূচী অনুসৰিয়েই শনিবাৰ আৰু দেওবাৰে সমগ্ৰ ৰাজ্যৰ পৌৰ এলেকাসমূহত লকডাউন পালিত হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in