কামৰূপ মহানগৰ জিলাৰ নতুন উপায়ুক্ত হিচাপে বিশ্বজিৎ পেগুৰ কাৰ্যভাৰ গ্ৰহণ

কামৰূপ মহানগৰ জিলাৰ নতুন উপায়ুক্ত হিচাপে বিশ্বজিৎ পেগুৰ কাৰ্যভাৰ গ্ৰহণ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া বিশ্বজিৎ পেগুৱে মঙলবাৰে কামৰূপ মহানগৰ জিলাৰ নতুন উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে । পেগুৱে আজি ভাৰ‌প্ৰাপ্ত উপায়ুক্ত ডঃ বিজয়া চৌধুৰীৰ পৰা কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ দায়িত্ব আনুষ্ঠানিকভাৱে গ‌্ৰহণ কৰে ।

উপায়ুক্তৰ কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰী সকলে নতুন উপায়ুক্ত গৰাকীক আদৰণি জনায় । উল্লেখ্য যে সোমবাৰে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাক‌ক্ষত অনুষ্ঠিত এক সভাত বিদায়ী উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালক বিষয়া -কৰ্মচাৰী সকলে আনুষ্ঠানিক ভাৱে বিদায় সম্ভাষণ জ্ঞাপন কৰিছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in