যুৱক-যুৱতীক আত্মসংস্থাপনৰ পৰিকল্পনা চৰকাৰৰ, জলপাণি প্ৰদানেৰে গাড়ী চলোৱাৰ প্ৰশিক্ষণৰ ব্যৱস্থা…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ অসমত পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ লগতে যুৱক-যুৱতীসকলক আত্মসংস্থাপন প্ৰদানৰ অৰ্থে প্ৰতিটো বিধানসভা সমষ্টিৰ ৫০ জনকৈ যুৱক-যুৱতীক গাড়ী চলোৱাৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীয়ে যি পৰিকল্পনা গ্ৰহণ কৰিছে, তাক কাৰ্যকৰী কৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে কামৰূপ মহানগৰ জিলাত। এক প্ৰেছ বাৰ্তাযোগে এই কথা জনালে কামৰূপ মহানগৰৰ জনসংযোগ বিভাগে। জিলাখনৰ বাচনি আৰু পৰীক্ষণ সমিতি গঠনৰ পিছত সোমবাৰে সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়।

সমিতিৰ অধ্যক্ষ তথা জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ পৌৰহিত্যত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অভিভাৱক মন্ত্ৰীৰ প্ৰতিনিধি তথা প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়া, অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাস, সহকাৰী আৰক্ষী আয়ুক্ত বিচিত্ৰ বুঢ়াগোহাঁই আদি উপস্থিত থকা এই সভাত যুৱক-যুৱতীক গাড়ী চলোৱাৰ প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচীৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। সভাত জিলা পৰিবহন বিষয়া (পঞ্জীয়ণ আৰু অনুজ্ঞাপত্ৰ) গৌতম দাসে আঁচনিখনৰ বিষয়ে ব্যাখ্যা কৰি কয় যে আত্মসংস্থাপনৰ উপৰি এই আঁচনিৰ জৰিয়তে প্ৰতিজন যুৱক-যুৱতীকে তাত্বিক আৰু ব্যৱহাৰিক জ্ঞান প্ৰদানেৰে সুদক্ষ কৰি গঢ়ি তোলা হ'ব আৰু ইয়াৰ উপৰি অসমৰ পৰ্যটন ক্ষেত্ৰখনৰো সম্যক জ্ঞান প্ৰদান কৰা হ'ব যিয়েনেকি পৰ্যটকসকলৰ বিশেষভাৱে সহায়ক হ'ব এই গাড়ী চালকসকল।

আনহাতে, সভাত ভাষণ প্ৰদান কৰি অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে জিলাখনৰ পাচোটা ৰাজহ চক্ৰৰে যুৱক-যুৱতীসকলে চৰকাৰৰ এই আঁচনিৰ বিষয়ে যাতে জ্ঞাত হয়, তাৰ বাবে চক্ৰ বিষয়াসকলক নিজ-নিজ ৰাজহ চক্ৰত উপযুক্ত প্ৰচাৰ চলাবলৈ অনুৰোধ কৰে। উল্লেখযোগ্য যে, এই আঁচনিৰ জৰিয়তে প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা ৫০ জনকৈ যুৱক-যুৱতীক ৪৫ দিনীয়া গাড়ী চলোৱাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। অষ্টম শ্ৰেণী উত্তীৰ্ণ, ১৮ বছৰৰ পৰা ৩৫ বছৰৰ ভিতৰৰ যুৱক-যুৱতীসকলে নিজ বিধানসভা সমষ্টি উল্লেখ কৰি এই আবেদন পত্ৰ কৰিব লাগিব। প্ৰশিক্ষণৰ অন্তত উপযুক্ত প্ৰশিক্ষাৰ্থীক ৩৩৭৫ টকাৰ এককালীন জলপানি প্ৰদান কৰাৰ উপৰি পৰ্যটনকে ধৰি বিভিন্ন ক্ষেত্ৰত নিয়োজিত হ'ব পৰাকৈ প্ৰমানপত্ৰ প্ৰদান কৰা হ'ব।

বাঁচনিৰ ক্ষেত্ৰত দৰিদ্ৰ সীমাৰেখাৰ তলৰ তথা আৰ্থিক অনগ্ৰসৰ যুৱক-যুৱতীক প্ৰাধান্য দিয়া হ'ব। ৰাজ্যখনত বছৰি ১২৬ টা বিধানসভা সমষ্টিৰ পৰা ৫০ জনকৈ, মুঠ ৬৩০০ জন প্ৰশিক্ষণপ্ৰাপ্ত, দক্ষ চালক সৃষ্টি কৰি আত্মসংস্থাপন প্ৰদানৰ লগতে পথ দুৰ্ঘটনা হ্ৰাস আৰু পৰ্যটকে ফুৰা-চকাৰ ক্ষেত্ৰত সুচল কৰি তুলিবলৈ মূলতঃ চৰকাৰে এই আঁচনি পৰিকল্পনা কৰিছে। অক্টোবৰ পহিলা সপ্তাহৰ শেষাৰ্দ্ধত এই বিষয়ে বিজ্ঞাপণ দিয়া হ'ব। তদুপৰি https://asdm.assam.gov.in ত ইয়াৰ সবিশেষ উপলদ্ধ হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in