শেহতীয়া খবৰ
আন্তঃৰাষ্ট্ৰীয় কংফু গেম ২০২১ত সোণৰ পদক অৰ্জন বকোৰ বিতোপন বড়োৰ...  •  নগাওঁ আৰক্ষীৰ অভিযানঃ বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ, দুগৰাকী মহিলাসহ তিনিজন আৰক্ষীৰ জালত...  •  অসমত পুনৰ ১২৪জন কোৰোনাত আক্ৰান্তঃ পজিটিভিটী হাৰ ০.৪৪ শতাংশ, ৩ জনে হেৰুৱাইছে প্ৰাণ...  •  বকোত ছমৰীয়া শাখা ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ আত্মাৰ চিৰশান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে অবৈধভাৱে ভূমি অধিগ্ৰহণৰ অভিযোগ জীপাল কৃষক শ্ৰমিক সংঘৰ, উপায়ুক্তলৈ প্ৰেৰণ স্মাৰকপত্ৰ...  •  গোৱালপাৰাত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, নিহত ৫জন লোক...  •  বোকাখাতত ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে মহিলাই...  •  ভাৰতীয় ৰে’লৱে মাল গুদাম শ্ৰমিক সংঘৰ ধেমাজি জিলা গোট চিতৰ উদ্যোগত ৰে’লৱে শ্ৰমিকৰ ই-শ্ৰম পঞ্জীয়নৰ...  •  এগৰাকী দুৰ্ভগীয়া আইতাৰ কৰুণ কাহিনী, বিচাৰিছে চৰকাৰৰ সহায়...  •  স্বাধীনতা দিৱস কাপঃ বঙাইগাঁও ইলেভেন কোৱাৰ্টাৰ ফাইনেলত...

কামৰূপ (মেট্ৰ’)ৰ নৱনিযুক্ত উপায়ুক্ত ৰূপে পল্লৱ গোপাল ঝাৰ কাৰ্যভাৰ গ্ৰহণ

ডিজিটেল সংবাদ, গুৱাহাটীঃ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত হিচাপে স্থলাভিষিক্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া পল্লৱ গোপাল ঝায়ে সোমবাৰে জিলাখনৰ উপায়ুক্তৰ দায়িত্বভাৰ গ্ৰহণ কৰে। উপায়ুক্ত বিশ্বজিৎ পেগুৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিয়েই নৱ-নিযুক্ত উপায়ুক্তগৰাকীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন আদৰণিমূলক সভাত অতিৰিক্ত উপায়ুক্ত, চক্ৰ বিষয়া, সহকাৰী আয়ুক্তকে ধৰি বিষয়াসকলৰ লগত চিনাকি হয় আৰু জিলাখনৰ উন্নয়নৰ স্বাৰ্থত কাৰ্যক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে।

উল্লেখযোগ্য যে, কামৰূপ মহানগৰ জিলাত স্থলাভিষিক্ত হোৱাৰ আগতে পল্লৱ গোপাল ঝায়ে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। আনহাতে, কামৰূপ মহানগৰ জিলাৰ পৰা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া বিশ্বজিৎ পেগুক ডিব্ৰুগড় জিলাৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি