মাছখোৱা প্ৰাগজ্যোতি প্ৰকল্প চৌহদৰ অবৈধ নিৰ্মাণত প্ৰশাসনৰ হাতোৰা

মাছখোৱা প্ৰাগজ্যোতি প্ৰকল্প চৌহদৰ অবৈধ নিৰ্মাণত প্ৰশাসনৰ হাতোৰা

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ মাছখোৱা প্ৰাগজ্যোতি প্ৰকল্পৰ চৌহদৰ অবৈধ ভাৱে নিৰ্মাণ কৰা ব্যৱসায়িক প্ৰতিষ্ঠানত বৃহস্পতিবাৰে উচ্ছেদ অভিযান চলাই কামৰূপ মহানগৰ জিলা প্ৰশাসনে। দীৰ্ঘদিনৰ পৰা উক্ত ঠাইখনত বেদখল চলাই ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপন কৰাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল স্থানীয় লোকসকল।

একাধিক অভিযোগৰ অন্তত বৃহস্পতিবাৰে গুৱাহাটী ৰাজহচক্ৰৰ চক্ৰ বিষয়া দামোদৰ বৰ্মনৰ নেতৃত্বত অবৈধ বেদখল চলোৱা স্থানত উচ্ছেদ অভিযান চলোৱা হয়।উল্লেখ্য যে, মাছখোৱা প্ৰাগজ্যোতি প্ৰকল্পৰ চৌহদৰ ৮০ নং দাগৰ অন্তৰ্ভুক্ত কিছু স্থান বেদখল কৰি নিৰ্মাণ কৰা ৭টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ তথ্য লাভ কৰে জিলা প্ৰশাসনে। যাৰ ফলশ্ৰুতিত বৃহস্পতিবাৰে মহানগৰ জিলা প্ৰশাসনে এনেদৰে উচ্ছেদ অভিযান চলায়।

আজিৰ উচ্ছেদৰ বাবে প্ৰকল্পৰ পাছফালৰ এটা বন্ধ হৈ থকা পথ মুকলি হোৱাৰ লগতে প্ৰকল্পৰ সম্প্ৰসাৰণৰ বাবেও যথেষ্ট ঠাই মুকলি হয়। একাংশ অসাধু ব্যৱসায়িয়ে নিজ প্ৰতিষ্ঠানৰ ভূমিৰ কাষৰ প্ৰকল্পৰ মাটি বেদখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠানৰ সম্প্ৰসাৰণ কৰাৰ বাবে যথেষ্ট অসুবিধাত পেলাইছিল মহানগৰ প্ৰশাসনক। যাৰ পৰিপ্ৰেক্ষিতত এনেদৰে উচ্ছেদ চলাবলৈ বাধ্য হয় মহানগৰ জিলা প্ৰশাসন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in