দুষ্প্ৰাপ্য শিহু মৃত অৱস্থাত উদ্ধাৰঃ অবৈধ বালি খননৰ ফলতেই মৃত্যু হোৱাৰ অভিযোগ…
ডিজিটেল সংবাদ ছমৰীয়াঃ ৰাজ্যত অবাধ গতিত চলিছে বনজ সম্পদ ধ্বংসৰ বেহা।ইয়াৰ জলন্ত উদাহৰণ স্বৰূপে কামৰূপ জিলাৰ বৃহত্তৰ বকো অঞ্চলত প্ৰতিদিনেই বন বিভাগৰ লোকে জব্দ কৰে চোৰাংকৈ সৰবৰাহ কৰা মূল্যবান গছৰ টুকুৰা,বালি কঢ়িওৱা গাড়ী অথৱা গছ কটা মেচিন।উল্লেখ্য যে,পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ এলেকা বকোৰ ছমৰীয়া সত্ৰত অবৈধ বালি খননৰ ভয়াৱহ ছৱি সকলোৰে জ্ঞাত।
ইয়াৰ ফলত ছমৰীয়াৰ শালমাৰা মৰাকলহী নদীত বৃহস্পতিবাৰে একেলগে দুটা দুস্প্ৰাপ্য মৃত শিহু (RIVER DOLPHIN) উদ্ধাৰ হয়।জানিব পৰা মতে পুৱাতে নদীৰ বুকুত উপঙি থকা শিহু দুটা প্ৰত্যক্ষ কৰে স্থানিয় ৰাইজে।ততালিকে স্থানীয় ৰাইজে নদীৰ পৰা মৃত শিহু দুটা উদ্ধাৰ কৰি আনে।
ৰাইজৰ অভিযোগ ছমৰীয়াৰ পৰা শালমাৰত দিনে নিশাই চলাই আছে অবৈধ বালি খনন৷এই বালি তোলা মেচিনৰ কোবতে শিহু দুটাৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছে। দীৰ্ঘদিন ধৰি বন বিভাগক মেনেজ কৰি অসাধু চক্ৰই চলাই আহিছে এই বালিৰ ব্যবসায়৷উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে মৰাকলহী নদীক শিহুৰ চৰন ভূমি হিচাপে চিহ্নিত কৰি বালা খনন বন্ধৰ নিৰ্দেশ জাৰি কৰিছিল।