শেহতীয়া খবৰ
জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন... • অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা... • নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা... • মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা... • বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ... • ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰথমটো স্বাস্থ্যকৰ্মীৰ দলক কোৱাৰেণ্টাইন... • নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত উত্তপ্ত পৰিস্থিতি...VIDEO • মেট্ৰিক-হাইমাদ্ৰাছাৰ ফলাফল লাভ কৰিব কোন কেইটা ৱেবছাইটত... পঢ়ক সবিশেষ... • ভাৰতত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ২ লাখৰো অধিকলৈ বৃদ্ধি... • বকোত ওলাল দ্বিতীয়গৰাকী কোভিড-১৯ত আক্ৰান্ত লোক...

কামপুৰত পথ নিৰ্মাণত ঠিকাদাৰৰ দুৰ্নীতি, VIDEO

144

ডিজিটেল সংবাদ, কামপুৰঃ চৰকাৰ সলনি হ’ল কিন্তু সলনি নহ’ল ৰাজ্যৰ বাট পথ। দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা চৰকাৰৰ দিনটেই পথ নিৰ্মাণত ঠিকাদাৰৰ দুৰ্নীতি। নগাওঁ জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত প্ৰতিবছৰে বানত ককবকাই থকা তেলিয়াআটি গাঁৱলৈ যোৱা পথটোৰ নিৰ্মাণত ঠিকাদাৰে ব্যাপক অনিয়ম কৰাৰ অভিযোগ উঠিছে।

কামপুৰত পথ নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে লুণ্ঠন কৰাৰ অভিযোগ। ঠিকাদাৰ আহমেদৰ বিৰুদ্ধে উঠিছে লুণ্ঠনৰ অভিযোগ। প্ৰতিবছৰে বানত ককবকাই থকা কামপুৰৰ তেলিয়াআটি সংযোগী পথটো নিৰ্মাণত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উঠিছে। উল্লেখ্য যে, নগাওঁ জিলাৰ গ্ৰাম্য পথ সংমণ্ডলৰ অধীনত নিৰ্মাণ হৈ থকা ২.৪ কিলোমিটাৰ পথ নিৰ্মাণত ঠিকাদাৰে ব্যাপক অনিয়ম কৰাৰ অভিযোগ উত্থাপিত হৈছে।

২.৭৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা পথটোত ঠিকাদাৰে ব্যাপক অনিয়ম কৰাৰ অভিযোগ উঠিছে। এখন দলং আৰু চাৰিটাকৈ কালৰ্ভাট নিৰ্মাণ হ’বলগীয়া পথটোত অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। প্ৰতিটো বানত ডুব যোৱা পথটোৰ চাপৰ হোৱাৰ লগতে পথৰ কাষত কম পৰিমাণৰ মাটি দিয়াৰ বাবে পথটোক লৈ শংকিত হৈ পৰিছে স্থানীয় ৰাইজ।

তাৰোপৰি পথটোত ৰাবিচৰ সলনি ব্যৱহাৰ কৰি থকা হৈছে পাহাৰৰ ৰঙামাটি। পথটো লেহেমীয়া গতিত নিৰ্মাণ হোৱাৰ বাবে বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী যোৱা, ৰোগীক চিকিৎসালয়লৈ নিয়াকে ধৰি বিভিন্ন সমস্যাত ভূগিছে স্থানীয় ৰাইজ।

ঠিকাদাৰজনক ৰাইজে এই সম্পৰ্কত অভিযোগ দিলে তেওঁ বিভিন্ন চালে বেৰে কোবোৱা কথা কোৱাৰ অভিযোগ উঠিছে। এই সম্পৰ্কত স্থানীয় লোকে ২০ জুনত কামপুৰৰ চক্ৰ বিষয়াক লিখিত অভিযোগ দাখিল কৰিছে যদিও বৰ্তমানলৈকে কোনো ধৰণৰ তদন্ত নোহোৱাৰ অভিযোগ উঠিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি