কামপুৰত পুৱাই ৰাজপথলৈ ওলাই আহিল ৰাইজ, কিন্তু কিয়, চাওঁক VIDEO

কামপুৰত পুৱাই ৰাজপথলৈ ওলাই আহিল ৰাইজ, কিন্তু কিয়, চাওঁক VIDEO

ডিজিটেল সংবাদ, কামপুৰঃ পৰিবৰ্তনগামী চৰকাৰৰ দিনত ৰাইজেই কৰিব লগা হৈছে নিজৰ পৰিবৰ্তন৷ ৰহা সমষ্টিৰ বি জে পি বিধায়ক ডিম্বেশ্বৰ দাসৰ অকমণ্যতাৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈছে  সমষ্টিটোৰ বগলাজান পঞ্চায়তৰ আঠ নম্বৰ ৱাৰ্ডৰ লোকসকল। বোকাময় এই পথ মেৰামতি কৰিবলৈ পুৱাই ওলাই আহিল ৰহা সমষ্টিৰ বগলাজান পঞ্চায়তৰ শতাধিক পুৰুষ মহিলা।

দীৰ্ঘ দিনৰ পৰা বগলাজান পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ কামপুৰ ৰহা পথত সংযোগ হোবা এই  বোকাময় পথটোৱে জ্বলা-কলা খুৱাইছে ছাত্ৰ ছাত্ৰীৰ লগতে সৰ্বসাধাৰণ ৰাইজক। এজাক বৰষুণ দিলেই পথটোৰে যাতায়ত কৰিব নোৱাৰা অৱস্থাৰ সন্মুখীন হয় গাঁৱৰ ৰাইজে।

পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত স্থানীয় ৰাইজে বিধায়ক ডিম্বেশ্বৰ দাস আৰু স্থানীয় পঞ্চায়তখনক বহুবাৰ আবেদন কৰিলে যদিও কোনো ধৰণৰ সুফল নাপালে। যাৰ বাবে নিজৰ গাঁঠিৰ ধন খৰচ কৰি ৰাবিজ আনি গাঁৱৰ পুৰুষ মহিলাই পথ মেৰামতি কৰি নিজৰ পৰিবৰ্তন নিজেই কৰিলে ৰাইজে৷ ইফালে স্থানীয় লোকে গড়কাপ্তানী মন্ত্ৰীক পথচোৱা নিৰ্মাণ কৰি ৰাইজক সুব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in