বাতৰি সংগ্ৰহ কৰি ঘূৰি অহা সাংবাদিকক কামপুৰ ৰাজপথত ভাবুকি প্ৰদান…

বাতৰি সংগ্ৰহ কৰি ঘূৰি অহা সাংবাদিকক কামপুৰ ৰাজপথত ভাবুকি প্ৰদান…

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰৰ স্থানীয় সংবাদদাতা ৰূপজ্যোতি ভূঞাক ভাবুকি প্ৰদান কামপুৰ সমবায় সমিতিৰ উপসভাপতি তথা পৌৰ সভাৰ ৱাৰ্ড সদস্য মুন পাঠকৰ৷ কামপুৰ সমবায় সমিতিৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ উপ সভাপতি মুন পাঠকৰ জীয়ৰী নামত থকা ৰেচন কাৰ্ডৰ পৰা বাতৰি সংগ্ৰহ কৰি ওভতাৰ পথত আগুচি ধৰি বিভিন্ন অভব্য ব্যৱহাৰ কৰাৰ লগতে বাতৰি প্ৰকাশ হ'লে মৃত্যুৰ ভাবুকি দিয়ে সাংবাদিকজনক৷

উল্লেখ্য যে, দুখীয়া ৰাইজৰ বাবে চৰকাৰে যোগান ধৰা ৰেচন কাৰ্ডৰ দীৰ্ঘদিনৰ পৰা নিজৰ জীয়ৰী আৰু আত্মীয়ৰ নামত লৈ সুবিধা লাভ কৰি আহিছিল৷ কিন্তু জীয়ৰীৰ নামত থকা ৰেচন কাৰ্ডৰ কথা পোহৰলৈ অহাত যোগান বিভাগে তদন্ত কৰি উক্ত ৰেচন কাৰ্ডখন জব্দ কৰিবলৈ কামপুৰ সমবায় সমিতিক নিৰ্দেশ দিয়ে ৷

সেই বাতৰি সংগ্ৰহ কৰি ওভতাৰ পথত সাংবাদিকক আগুচি ধৰি বাতৰি প্ৰচাৰ নকৰিবলৈ অভব্য গালি গালাজে বিভিন্ন ভাবুকি দিয়ে৷ টিভিত বাতৰি প্ৰকাশ হ'লে মৃত্যুৰ ভাবুকি দিয়ে সাংবাদিকগৰাকীক৷ ইতিমধ্যে কামপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সাংবাদিক গৰাকীয়ে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in