কামপুৰ কেন্দ্ৰীয় ৰাস মহোৎসৱৰ মহাৰজত জয়ন্তীৰ ব্যাপক প্ৰস্তুতি, উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কামপুৰ কেন্দ্ৰীয় ৰাস মহোৎসৱৰ মহাৰজত জয়ন্তীৰ ব্যাপক প্ৰস্তুতি, উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ডিজিটেল সংবাদ, কামপুৰঃ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱলৈ মাজত মাথো এটা দিন বাকী। এই শৰৎ কালৰ পূৰ্ণিমা জোনাক ৰাতি কৃষ্ণৰ সুমধুৰ বাঁহীৰ সুৰত মতলীয়া হব সকলো। ৰাস মহোৎসৱৰ আখৰা প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৰাজ্যবাসীয়ে। সমান্তৰালকৈ কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ মহাৰজত জয়ন্তীৰ ব্যাপক আয়োজন চলিছে। প্ৰতিটো দিনেই কামপুৰ ৰাস পথাৰ পৰিণত হৈছে বৃন্দাবনলৈ।

খোল-তালৰ সুমধুৰ শব্দত মুখৰিত হৈছে আকাশ-বতাহ। ৰাসস্থলীত দুপৰ নিশালৈকে চলিছে ৰাসৰ আখৰা। ৰাসলীলাৰ বাবে পূৰ্ণ গতিত আখৰাত ব্যস্ত হৈ পৰিছে জীয়ৰী, বোৱাৰী আৰু কিশোৰীসকল। আনহাতে পুতলা ৰাসৰ বাবেও পুতলা সমূহ সাজু কৰি উলিয়াইছে আয়োজক সমিতিয়ে।

কামপুৰ উন্নতি সাধিনী সভাৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা ৰাস মহোৎসৱৰ মহাৰজত জয়ন্তী ১১ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব। ১৫ নৱেম্বৰৰ ধৰ্মালোচনী সভাত উপস্থিত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয় ববীয়াৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কামপুৰ কেন্দ্ৰীয় ৰাস মহোৎসৱৰ মহাৰজত জয়ন্তীৰ সকলো অনুষ্ঠানতে ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে আয়োজক সকলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in